Local, Vocal, Global

কামৰূপত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ

নিউজ ডেস্ক, ১০ জুলাই : শনিবাৰে কামৰূপ জিলাত অসম আৰক্ষীয়ে এক বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰে।

এক গোপন তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষক (SP) আৰু অতিৰিক্ত SP (মুখ্য কাৰ্যালয়)ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত এখন পিক-আপ বাহনৰ ভিতৰত লুকুৱাই থোৱা ১ কিলোগ্ৰাম Heroin, ৫ কিলোগ্ৰাম Opium  আৰু ২৩০৪ টা SPSছ টেবলেট জব্দ কৰে।

টুইটাৰযোগে অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই লিখিছে, “আকৌ অসম পুলিচৰ এটা বৃহৎ কেচ! SP আৰু অতিৰিক্ত SP (মুখ্য কাৰ্যালয়)ৰ নেতৃত্বত শেহতীয়াকৈ চলোৱা এক অভিযানত কামৰূপ আৰক্ষীয়ে এখন পিক-আপ বাহনৰ ভিতৰত লুকুৱাই থোৱা ১ কিলোগ্ৰাম হেৰোইন, ৫ কিলোগ্ৰাম আফিম আৰু ২৩০৪ এছপিএছ টেবলেট জব্দ কৰিছে। উৎকৃষ্ট কাম । এইটো অব্যাহত ৰাখক।”

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান চলি আছে।