Local, Vocal, Global

Large amount of narcotics seized : লামডিঙত জব্দ বুজন পৰিমাণৰ ভাং; গ্ৰেপ্তাৰ তিনিজন যুৱক

নিউজ ডেস্ক,১৫জুলাই : লামডিঙত জব্দ বুজন পৰিমাণৰ ভাং ।

এক গোপন তথ্যৰ ভিত্তিত লামডিং আৰক্ষীয়ে অভিযান চলাই লামডিং ৰে’লৱে ষ্টেচনৰ সন্মুখৰ পাৰ্কিং এলেকাৰ পৰা গাঞ্জা সহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে(Large amount of narcotics seized)।

জানিব পৰা মতে, ট্ৰেইনৰ পৰা স্কুটি লৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে ১১কেজি সন্দেহজনক গাঞ্জা জব্দ কৰে। লগতে সৰবৰাহ কৰা AS 02U8640 নম্বৰৰ স্কুটিখন জব্দ কৰে(Large amount of narcotics seized in Lumding)।

গ্ৰেপ্তাৰ কৰা যুৱক তিনিজন ৰতন সাহা, বীৰেন্দ্ৰ চৌহান আৰু মুকেশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে, মূল অভিযুক্ত ৰতন সাহা বহুদিন ধৰি ভাং সৰবৰাহ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল আজিতেশ হাজৰিকাৰ মৃতদেহ