Laokhowa forest department Encounter investigation process : বনকৰ্মীৰ গুলীত দুই ভাতৃ নিহত হোৱা ঘটনাৰ আজি শুনানি গ্ৰহণ কৰিব

নিউজ ডেস্ক,১জুলাই : বনকৰ্মীৰ গুলীত দুই ভাতৃ নিহত হোৱা ঘটনাৰ আজি শুনানি গ্ৰহণ কৰিব । অতিৰিক্ত জিলা দণ্ডাধীশ সুদীপ নাথৰ স্বাক্ষৰ যুক্ত এখন পত্ৰত এই কথা উল্লেখ আছে ।
জানিব পৰা মতে, তদন্তৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধীশ জনে সংশ্লিষ্ট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষীৰ লোকসকলক উক্ত বিষয়ক সকলো নথি পত্ৰলৈ শুনানিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। তদুপৰি উক্ত ঘটনাৰ গোচৰ সম্পৰ্কত আৰক্ষীৰ স্থিতি কি সেই সম্পৰ্কেও শুনানি গ্ৰহণ কৰিব( Laokhowa forest department Encounter investigation process)।
ইফালে জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক গুলীবিদ্ধ হৈ মৃত্যু বৰণ কৰা দুই ভাতৃৰ বিৰুদ্ধে কোনো অভিযোগ আছে নেকি আৰু তেওঁলোকৰ চৰিত্ৰৰ প্ৰমাণ পত্ৰ তথ্য সহ শুনানিত উপস্থিত থাকিবলৈ জনাইছে।অভিযুক্তৰ পৰিয়ালক শুনানিৰ বিষয়টো অৱগত কৰিবলৈও জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিছে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৩৮নং কোঠাত কাইলৈ দিনৰ ১১ বজাৰ পৰা এই শুনানি গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে যোৱা ২১ জুনৰ মাজনিশা চোৰাংভাৱে মৎস্য চিকাৰৰ সন্দেহত বনকৰ্মীৰ দলৰ গুলীত জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃ ক্ৰমে আব্দুল জলিল আৰু ছমিৰ উদ্দিনৰ থিতাতে মৃত্যু হৈছিল।
বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যু সহজভাৱে ল’ব পৰা নাছিল জুৰীয়াবাসীয়ে। সমগ্ৰ ঘটনাক লৈ তদন্তৰ লগতে নিহত দুই ভাতৃৰ পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত সংখ্যলাঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছিল( Laokhowa forest department Encounter investigation process)।
ঘটনা সংঘটিত হোৱাৰ পাছতেই এটা দিনৰ ভিতৰতেই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেও নগাঁও জিলা আয়ুক্ত থকা জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে আদেশ নং এন আৰ এ ডি ০২/২০২৪/২ তাৰিখ ২২/৬/২০২৪ যোগেদি লাওখোৱাৰ গুলীচালনাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰে অতিৰিক্ত জিলা আয়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ সুদীপ নাথক। অতিৰিক্ত দণ্ডাধীশ সুদীপ নাথে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিয়েই সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য উদঘাটন কৰি কম সময়ৰ ভিতৰতেই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ তৎপৰতা আৰম্ভ কৰে।
লগতে পঢ়ক : LPG Cylinder Price Cut by Rs 30: হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য