Local, Vocal, Global

Landslides On Joshimath Highway Due To Heavy Rainfall : উত্তৰাখণ্ডৰ যোশীমঠত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা

নেশ্যনেল ডেস্ক,৯জুলাই : উত্তৰাখণ্ডৰ যোশীমঠত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ যোশীমঠৰ পাহাৰ খহি বন্ধ বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ। যোশীমাঠৰ চুংগী ধৰত পাহাৰৰ পৰা বৃহৎ আকাৰৰ শিল খহি বন্ধ বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা যোশীমঠবাসী( Landslides On Joshimath Highway Due To Heavy Rainfall)৷

জানিব পৰা মতে, মঙলবাৰে পুৱাই যোশীমঠৰ প্ৰৱেশদ্বাৰৰ চুংগী ধৰ পৌৰসভাৰ জাবৰ পেলোৱা ঠাইৰ সমীপৰ বদ্ৰীনাথ ঘাইপথত বাগৰি আহে প্ৰকাণ্ড শিল ৷ ফলত বন্ধ হৈ পৰে পথছোৱা ৷

এগৰাকী পথচাৰীয়ে ভূমিস্খলনৰ সমগ্ৰ দৃশ্য় আৱদ্ধ কৰি ৰাখে নিজৰ ম’বাইলত ৷ ইফালে পৰৱৰ্তী সময়ত প্ৰশাসনে পাহাৰৰ পৰা খহি পৰা শিল আঁতৰাই পথছোৱা মুকলি কৰাৰ ব্যৱস্থা কৰে(Landslides On Joshimath Highway Due To Heavy Rainfall ) ৷

লগতে পঢ়ক : Organ transplant racket busted in Delhi : মানৱ অংগৰ বেহা;আৰক্ষীৰ জালত মহিলা চিকিৎসক