Local, Vocal, Global

Pandu-Kamakhya নতুন পথত ভূমিস্খলন

নিউজ ডেস্ক, ১৭ জুন : গুৱাহাটী মহানগৰীত বানৰ সমান্তৰালভাৱে এতিয়া ভূমিস্খলনো হৈ পৰিছে সন্ত্ৰাসৰ অন্য এটা নাম।

বিগত ৪ দিন ধৰি হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত মহানগৰীত নিতৌ নতুন নতুন ঠাইত খহিছে মাটি। ভূমিস্খলনৰ ফলত বৰ্তমান সময়লৈকে মহানগৰীত ৪ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

পুনৰ মহানগৰীৰ Pandu-Kamakhyaৰ নতুন পথত সংঘটিত হৈছে ভূমিস্খলন। মুকলি নৌ হওতেই ভূমিস্খলনৰ ফলত পথটোৰ ওপৰত খহি পৰিছে পাহাৰৰ মাটি-শিল । ফলস্ৱৰূপে Pandu-Kamakhya নতুন পথটোত যাতায়ত ব্যাহত হৈছে ।

উল্লেখ্য যে, ওৰে নিশা হোৱা নেৰানেপেৰা বৰষুণৰ বাবেই সংঘটিত হয় এই ভূমিস্খলন । Pandu-Kamakhya নতুন পথৰ কেইবা ঠাইত হৈছে ভয়ংকৰ ভূমিস্খলন।

সম্প্ৰতি, পথটোৰ মূল প্ৰৱেশ পথত আৰক্ষী প্ৰশাসনৰ লোকক মোতায়েন কৰাৰ লগতে সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে এই পথটো।