Local, Vocal, Global

Meghalayaৰ বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন

নিউজ ডেস্ক, ১৬ জুন : বিগত ৩ দিন ধৰি অসমৰ লগতে সমগ্ৰ উত্তৰ পূবত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন স্থানত ভূমিস্খলন সংঘটিত হৈছে।

বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ Meghalayaত ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথৰ Sonapur village আৰু লুমছুলুমত পুনৰ ভয়বাহ ভূমিস্খলন হৈছে । ভূমিস্খলনৰ ফলত নৰপুহ আৰু সোনাপুৰত যান-বাহনচলাচল স্থবিৰ হৈ পৰিছে।

বৃহস্পতিবাৰে ৰাতিপুৱা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ লুমছুলুমত বৃহত অংশ ছিঙি গৈছে ৷ ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহন সহ ট্ৰাকো ৷ আৰু কথামাপি প্ৰাণ ৰক্ষা হৈছে বহু লোকৰ ৷

টুইটাৰযোগে  East Jiantia Hills আৰক্ষীয়ে কয় যে, “ধাৰাসাৰ বৰষুণৰ ফলত লুমশ্নং আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ ০৬ৰ পথৰ কিছু অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, আৰু গধুৰ মটৰ বাহনসমূহ পাৰ হ’বলৈ অক্ষম হ’ব।”

ইফালে, Darrang – Shnongpdeng পথতো ভূমিস্খলন হৈছিল। শ্নংপডেং ভ্ৰমণ কৰা পৰ্যটকসকলক বতৰৰ অৱস্থা উন্নত নোহোৱালৈকে সতৰ্ক হ’বলৈ পৰামৰ্শ দিয়া হৈছে।