Local, Vocal, Global

Landslide in Narengi Sonapur connecting Road : মহানগৰীৰ নিকটৱৰ্তী আমচিং-যোৰাবাটৰ নাৰেংগী-সোণাপুৰ সংযোগী পথত ভূমিস্খলনৰ ঘটনা

নিউজ ডেস্ক,৮আগষ্ট : এইবাৰ মহানগৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ মহানগৰীৰ নিকটৱৰ্তী আমচিং-যোৰাবাটৰ নাৰেংগী-সোণাপুৰ সংযোগী পথত ভূমিস্খলনৰ ঘটনা ৷ পাহাৰৰ খহি পৰিল শিল-মাটি ফলত বন্ধ হৈ পৰে মূল যাতায়াত পথটো(Landslide in Narengi Sonapur connecting Road) ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাৰ ভাগত আমচিং চাহ বাগিচাৰ গুদামঘৰৰ সমীপৰ পাহাৰৰ এটা বৃহৎ অংশ খহি আহি পথৰ ওপৰতে পৰে ৷ ফলত পথটোৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ অবশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷ ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জে চি বি-ৰ সহায়েৰে পথৰ ওপৰত বাগৰি পৰা পাহাৰৰ মাটি আঁতৰোৱাৰ চেষ্টা অব্যাহত ৰাখিছে(Landslide in Narengi Sonapur connecting Road) ৷

লগতে পঢ়ক : Assam Govt Launches ‘Nijut Moina’ Scheme to Combat Child Marriage : আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ