Landslide in Arunachal Pradesh : অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন; ব্যাহত যাতায়ত ব্যৱস্থা

নিউজ ডেস্ক,৪জুলাই : অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যসমূহত প্ৰকৃতিয়ে ধাৰণ কৰিছে কালৰূপ । বিগত কেইবাদিন ধৰি অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন।
বুধবাৰে নিশা অৰুণাচলৰ সংগম দলঙৰ কাষত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়(A massive landslide in Arunachal Pradesh) ।
এই ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি পৰে আৰু বন্ধ হৈ যায় আল’-পাছিঘাট সংযোগী পথ । অৰুণাচল প্ৰদেশৰ সংগম দলঙৰ কাষত নিশা হোৱা ভূমিস্খলনৰ পিচতে শ শ বাহন আৱদ্ধ হৈ পৰিছে ।
বুধবাৰে নিশাৰে পৰা পথৰ দুয়োটা দিশত আৱদ্ধ হৈ পৰা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । পুৱা অৰুণাচল প্ৰদেশৰ প্ৰশাসনৰ লোকসকল উক্ত স্থানত উপস্থিত হয় আৰু পথটো মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলায় ।
ইফালে এই সন্দৰ্ভত ৰাজ্যখনত এক সতৰ্কতাও জাৰি কৰা হয়(Landslide in Arunachal Pradesh) ।