Local, Vocal, Global

Landslide at NHPC Subansiri hydroelectric project : এন এইচ পি চিৰ শক্তিগৃহত পাহাৰ খহি হোৰাহোৰে সোমাইছে বোকা-পানী

নিউজ ডেস্ক,২৫জুন : পুনৰ খহি পৰিল ভংগুৰ গেৰুকামুখ পাহাৰ ৷ খহি পৰিল প্ৰকল্পটোৰ শক্তিগৃহৰ বাবে নিৰ্মাণ কৰা সুৰক্ষা বান্ধ ৷

প্ৰাপ্ত তথ্য অনুসৰি, আজি এসপ্তাহৰ পৰা অৰুণাচল প্ৰদেশৰ পাহাৰ আৰু ইযাৰ দাঁতিকাষৰীয়া অঞ্চলত মজলীয়া বৰষুণ দি আছে ৷ যাৰ ফলত ফেনে-ফোটোকাৰে উফন্দি উঠিছিল সোৱণশিৰি নদী ৷

মঙলবাৰে পুৱাৰে পৰা ভয়ানক ৰূপত নদীখনে প্ৰকল্পস্থলীৰ সোঁৱে-বাঁৱে থকা দুয়োপাৰৰ পাহাৰৰ প্ৰচণ্ড হেঁচাৰ সৃষ্টি কৰে যাৰ ফলত ভূমিস্খলন হ’বলৈ আৰম্ভ হৈছিল৷ মঙলবাৰে দুপৰীয়া ভূমিস্খলনে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে ।ফলত প্ৰকল্লটোৰ সোঁপাৰৰ পাহাৰত থকা শক্তিগৃহৰ সুৰক্ষা বান্ধ খহি পৰে আৰু শক্তিগৃহলৈ বোকাময় পানী হোৰাহোৰে সোমাবলৈ ধৰে(Landslide at NHPC Subansiri hydroelectric project)৷

এন এইচ পি চিয়ে ভূমিস্খলন প্ৰতিৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই বাতৰি লিখা পৰ্যন্ত প্ৰতিৰোধ কৰিব পৰা নাই৷

লগতে পঢ়ক : Landslide at NHPC Subansiri hydroelectric project : এন এইচ পি চিৰ শক্তিগৃহত পাহাৰ খহি হোৰাহোৰে সোমাইছে বোকা-পানী