Local, Vocal, Global

Cyclone Michaung: ঘূৰ্ণীবতাহ মিচাউঙৰ সংহাৰী ৰূপ;হাই এলাৰ্ট জাৰি

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : সংহাৰী ৰূপত ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱ । বতৰ বিজ্ঞান বিভাগত প্ৰকাশ কৰা তথ্য অনুসৰি, ঘূৰ্ণীবতাহ মিচাউঙে মঙলবাৰৰ পুৱা নেল্লোৰ আৰু মাচিলিপট্টনমৰ মাজৰ অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ উপকূল অতিক্ৰম কৰাৰ আশংকা আছে(Cyclone Michaung) ।

সোমবাৰে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে X যোগে কয় যে , বিগত ৬ ঘণ্টাত ঘণ্টাত ১২ কিলোমিটাৰ বেগত পুৱা ৮.৩০ বজাত দক্ষিণ অন্ধ্ৰপ্ৰদেশ আৰু ইয়াৰ কাষৰীয়া উত্তৰ তামিলনাডু উপকূলৰ ওপৰত বংগৰ ডব্লিউ চি উপসাগৰৰ ওপৰত, নেল্লোৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণ-পূবে, চেন্নাইৰ পৰা ১৩০ কিলোমিটাৰ উত্তৰত, বাপাটলাৰ পৰা ১৮০ কিলোমিটাৰ দক্ষিণে আৰু মাচিলিপট্টনমৰ পৰা ২০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ইয়াৰ প্ৰভাৱ পৰে(Landfall likely between Andhra’s Nellore and Machilipatnam today) ।’

উল্লেখ্য যে, “৫ ডিচেম্বৰৰ বিয়লি ভাগত সৰ্বোচ্চ স্থায়ী বতাহৰ গতিৰে দক্ষিণ অন্ধ্ৰপ্ৰদেশ উপকূলৰ সমান্তৰাল দিশত আৰু প্ৰায় উত্তৰ দিশলৈ গতি কৰি বাপাটলাৰ ওচৰৰ নেল্লোৰ আৰু মাচিলিপট্টনমৰ মাজৰ অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ উপকূল পাৰ হৈ ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহালৈ পৰিগণিত হোৱাৰ সম্ভাৱনা আছে । অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ আৰু মাচিলিপট্টনমৰ মাজত ঘূৰ্ণীবতাহ মিচাউঙে স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা থকাৰ সময়তে প্ৰশাসনে জাৰি কৰিছে হাই এলাৰ্ট ৷

ইফালে সমগ্ৰ অঞ্চলটোত ধাৰাবাহিকভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । IMD ৰ মতে, ঘূৰ্ণীবতাহটো ক্ৰমান্বয়ে তীব্ৰতৰ হৈ প্ৰায় উত্তৰ দিশলৈ গতি কৰি ৫ ডিচেম্বৰৰ বিয়লিৰ ভাগত বাপাটলাৰ ওচৰৰ নেল্লোৰ আৰু মাচিলিপাটনামৰ মাজৰ অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ দিশ অতিক্ৰম কৰি তীব্ৰভাৱে ঘূৰ্ণীবতাহৰ ধুমুহা আহিব বুলি সৰ্তকবাণী জাৰি কৰা হৈছে । অন্ধ্ৰ প্ৰদেশ আৰু ইয়াৰ কাষৰীয়া উত্তৰ তামিলনাডু-পুডুচেৰী উপকূলৰ বাবে অ’ৰেঞ্জ এলাৰ্টৰ সতৰ্কবাণী জাৰি কৰিছে ।

উল্লেখযোগ্য যে, ৪ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু পুডুচেৰীৰ মুখ্যমন্ত্ৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভাৱ্য সকলো সাহায্যৰ আশ্বাস প্ৰদান কৰে ।

ইফালে IMD য়ে জনোৱা অনুসৰি, ৫ ডিচেম্বৰৰ বিয়লিৰ ভাগত দক্ষিণ অন্ধ্ৰপ্ৰদেশ উপকূলৰ সমান্তৰালভাৱে উত্তৰ দিশলৈ গৈ অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ উপকূল পাৰ হৈ বাপাটলা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।

খবৰ অনুসৰি, ৰাজ্যৰ মন্ত্ৰী ছেকৰ বাবু, কে এন নেহৰু, আৰু ই ভি ভেলু আৰু ডি এম কেৰ বিধায়ক ড০ এঝিলান, কৰুণানিধি, ই পৰন্দমন আৰু এছ অৰবিন্দ ৰমেশক ফোন কলৰ জৰিয়তে সাহায্য শিবিৰত আশ্ৰয় লৈ থকা সাধাৰণ নাগৰিকক প্ৰদান কৰা খাদ্য আৰু অন্যান্য সা-সুবিধাৰ বিষয়েও সোধা-পোছা কৰে।

লগতে পঢ়ক : Pilatus Trainer Aircraft Crash : বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত; মৃত্যু দুজন পাইলটৰ