Local, Vocal, Global

Land Mafia in Hatsingimari : হাটশিঙিমাৰীত ভূ-মাফিয়াৰ দপদপনি;নিৰীহ লোকৰ ভূমি বলপূৰ্বকভাৱে দখলৰ চেষ্টা চলোৱাৰ অভিযোগ

হাটশিঙিমাৰী,৬মে’ : অভিযোগ অনুসৰি, ভীমাপাৰা মৌজাৰ ছপিয়েল হক নামৰ এজন লোকৰ হাটশিঙিমাৰী বাঁহহাটিৰ ৬২ নং ম্যাদী পট্টাৰ ২১২/৩৬ নং দাগৰ ১ বিঘা মাটি ফুলেৰচৰ গাৱঁৰ আব্দুল মজিদ আহমেদ আৰু ৰিতু প্ৰধানীয়ে বলপূৰ্ব্বকভাৱে Boundary Wall দি দখল কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে(Land Mafia in Hatsingimari)।

আনহাতে, ভোগ দখলত থকা উক্ত মাটিৰ গৰাকীয়ে তেওঁলোকক Boundary Wall দিয়াত বাধা প্ৰদান কৰাত দুয়ো পক্ষৰ মাজত সৃষ্টি হয় তৰ্ক বিতৰ্কৰ। ফলত উপায়ন্তৰ হৈ উক্ত মাটিৰ গৰাকীয়ে আব্দুল মজিদ আহমেদ আৰু ৰিতু প্ৰধানীৰ বিৰুদ্ধে খাৰুৱা বান্ধা আৰক্ষী চকীত গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষীক দাবী জনায়।

শেহতীয়াকৈ খাৰুৱা বান্ধা আৰক্ষী আৰু মানকাচৰ ৰাজহ চক্ৰ বিষয়াই সমগ্ৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়ত হে হ’ব লক্ষ্যনীয়।

লগতে পঢ়ক : Major fire breaks out in Narela factory in Delhi : দিল্লীৰ নাৰেলাত ভয়ংকৰ অগ্নিকাণ্ড; জুয়ে আগুৰি ধৰে ৩টাকৈ মহলা