হাজোৰ চৌমুখাত ভূমাফিয়াৰ দপদপনি

ডিজিটেল ডেস্ক:- হাজোৰ চৌমুখাত ভূমাফিয়াৰ দপদপনি। চৰকাৰী ভূমি, বিদ্যালয়ৰ মাটি, ম্যাদী মাটিত অবৈধভাৱে খনন চলাই গৈছে ভূমাফিয়াই। চৰকাৰী গাঁও প্ৰধান ছফিটৰ ৰহমানৰ নেতৃত্বত ১নং ধুহিৰ বৰলীয়া নৈৰ বুকুত দিনে-নিশাই অবৈধ খননৰ অভিযোগ কৰিছে একাংশ ৰাইজে। এক্সকেভেটৰৰ সহায়ত টেক্টৰেৰে খান্দিছে মাটি।
কঞাঁ ৰাজহ চক্ৰৰ পৰা নাতিদূৰৈত থকা চৰকাৰী ভূমিত কাৰ আশিস ধন্য হৈ গাঁও প্ৰধানৰূপী ভূমাফিয়া ছফিটৰ ৰহমানে চলাইছে একছত্ৰীৰাজ। ভুমাফিয়া ছফিটৰৰ শেনচকুৰ পৰা সাৰি যোৱা নাই চৌমুখা হাইস্কুলৰ মাটি, পৱিত্ৰ কবৰ স্থানৰ মাটিৰ লগতে চৰকাৰী ভূমিও।
পুখুৰী সদৃশ গাঁতৰ সৃষ্টি কৰি খনন চলাই নৈপৰীয়া ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে ভুমাফিয়া ছফিটৰে। ছফিটৰৰ কাম-কাজত অতীষ্ঠ সাধাৰণ জনতা। চৰকাৰী গাওঁ প্ৰধান হৈ চৰকাৰী তথা ৰাজহুৱা ভূমিত অবৈধভাৱে খনন চলোৱা ছফিটৰৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া হ’ব লক্ষ্যনীয়।