Local, Vocal, Global

Land for job scam case : EDয়ে জব্দ কৰিলে লালু প্ৰসাদ যাদৱ আৰু পৰিয়ালৰ ৬ কোটি টকাৰ সম্পত্তি

নেশ্যনেল ডেস্ক, ৩১ জুলাই : বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ (Bihar Chief Minister Lalu Yadav) আৰু তেওঁৰ পৰিয়ালৰ প্ৰায় ৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে EDয়ে (Land for job scam case)। চাকৰিৰ বাবে মাটি কেলেংকাৰীৰ সৈতে জড়িত লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ সম্পত্তি সংলগ্ন কৰিলে ইডিয়ে(Enforcement Directorate) । বিগত কিছুদিন ধৰি যাদৱৰ বিৰুদ্ধে চলি থকা এক গোচৰৰ তদন্তৰ ভিত্তিতেই সোমবাৰে লালুপ্ৰসাদৰ সম্পত্তি জব্দ কৰে তদন্তকাৰী বিভাগটোৱে (Lalu Yadav Family’s Assets Worth Rs 6 Crore Seized By ED)।

খবৰ অনুসৰি ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰবীণ নেতা লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ পৰা বলবৎকাৰী সঞ্চালকালয়ে জব্দ কৰিছে ৬ কোটি টকাৰ সম্পত্তি। জব্দ কৰা সম্পত্তিৰ ভিতৰত পাটনা আৰু গাজিয়াবাদৰ সম্পত্তিও আছে বুলি জানিব পৰা গৈছে ।

কেলেংকাৰিৰ তদন্ত কৰি থকা চিবিআইয়ে এই গোচৰৰ সৈতে জড়িত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী ৰাবৰি দেৱী আৰু তেওঁৰ পুত্ৰ তথা বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বিৰুদ্ধে নতুনকৈ অভিযোগনামা দাখিল কৰাৰ প্ৰায় এমাহৰ পাছতে এই ঘটনা সংঘটিত হৈছে । দ্বিতীয়খন অভিযোগনামা, য’ত আন ১৪ জনৰ নামো উল্লেখ কৰা হৈছে, গোচৰটোৰ প্ৰথমখন অভিযোগনামা দাখিল কৰাৰ পিছত উত্থাপিত হোৱা নথি-পত্ৰ আৰু প্ৰমাণৰ ভিত্তিত দাখিল কৰা হৈছিল।

উল্লেখ্য বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে আছে চাকৰিৰ বিনিময়ত ভূমি লোৱাৰ অভিযোগ । লালু প্ৰসাদ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়তে সংঘটিত হৈছিল এই চাকৰিৰ সলনি ভূমি কেলেংকাৰি । ২০০৪ৰ পৰা ২০০৯ চনৰ ভিতৰত ৰে’ল মন্ত্ৰী হৈ থকা অৱস্থাত লালু প্ৰসাদ যাদৱে ভাৰতীয় ৰে’লৱেৰ নিৰ্ধাৰিত নিয়ম আৰু প্ৰক্ৰিয়া উলংঘা কৰি ৰে’লৱে বিভাগত বহুলোকক নিযুক্তি দি তেওঁ তথা তেওঁৰ পৰিয়ালৰলোকৰ নামত ভূমি উপহাৰ লোৱাৰ গুৰুতৰ অভিযোগ আছে। যি অভিযোগৰ বিৰুদ্ধে বিগত কেইবা মাহৰ পৰা চিবিআইয়ে তেওঁক জেৰা কৰাৰ সমান্তৰালভাবে তেওঁৰ পৰিয়ালৰলোককো জেৰা চলায় । এই সন্দৰ্ভত যাদৱৰ পুত্ৰ তেজস্বী যাদৱকো জেৰা কৰে চিবিআইয়ে।

উল্লেখ্য ইডিয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লালু যাদৱৰ পত্নী ৰাবৰি দেৱীক ১৮ মে’ত প্ৰায় পাঁচ ঘণ্টা ধৰি জেৰা কৰিছিল।

চলিত মাহৰ আৰম্ভণিতে চিবিআইয়ে চাকৰি কেলেংকাৰীৰ গোচৰত ভূমিত দ্বিতীয়বাৰৰ বাবে চাৰ্জশ্বীট দাখিল কৰিছিল। দুবছৰ পূৰ্বে তদন্ত আৰম্ভ হৈছিল যদিও যোৱা বছৰ গোচৰটো ৰুজু হৈছিল।

বিগত মে’ মাহত চিবিআইৰ দলটোৱে ‘চাকৰিৰ সলনি ভূমি’ গোচৰৰ সন্দৰ্ভত দেশৰ ৯টা স্থানত তালাচী চলাইছিল। য’ত অন্তৰ্ভূক্ত আছিল পাটনা, আৰা, ভোজপুৰ, দিল্লী আৰু গুৰুগ্ৰাম । এই সন্দৰ্ভত বিহাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰেম চান্দ গুপ্তাৰ চৌহদতো তালাচী চলাইছিল চিবিআইয়ে। সমান্তৰালভাবে পাটনা আৰু আৰাত লালু প্ৰসাদ যাদৱৰ ঘনিষ্ঠ সহযোগী কিৰণ দেৱীৰ বাসগৃহতো তালাচী চলায়। লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে প্ৰাৰ্থী অথবা তেওঁলোকৰ আত্মীয়ৰ পৰা মাটিৰ প্লটৰ সলনি ৰেলৱেত চাকৰি দিয়া বুলি অভিযোগ উত্থাপন হৈছে ।

বিৰোধী INDIA ব্লকৰ কণ্ঠস্বৰ নেতা হিচাপে পৰিগণিত হোৱা লালু প্ৰসাদ যাদৱে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যদি আৰু যেতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে ঢিলা হয় তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত এৰি আন ঠাইত বসতি স্থাপন কৰিব বুলি অভিযোগ উত্থাপন কৰাৰ এদিন পিছতে এই ঘটনা সংঘটিত হৈছে ।

দেওবাৰে লালু প্ৰসাদ যাদৱে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত চুইপ লৈ কয় যে ২০২৪ চনৰ আগন্তুক লোকসভা নিৰ্বাচনত দলটোক “মচি পেলোৱা” হ’ব।

লগতে পঢ়ক : BJP leader Phanindra Nath Sharma to Haryana : ফণীন্দ্ৰ নাথ শৰ্মা হাৰিয়ানালৈ ৰাওনা, বিজেপি কাৰ্যালয়ত আবেগিক পৰিৱেশ