Local, Vocal, Global

ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত দুটা ফৈদৰ মাজত সংঘাত…

ডিজিটেল ডেস্ক:- পুৰণি ভূমি কেন্দ্রিক বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত দুটা ফৈদৰ মাজত সংঘাট। হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ দীননাথপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনাৰ।দুটা ফৈদৰ মাজত প্রচণ্ড মাৰপিটত ১০ গৰাকী মহিলা আৰু পুৰুষ গুৰুতৰভাবে আহত হয়। দিননাথপুৰৰ নীলিমা চক্ৰৱৰ্তী নামৰ মহিলা জনে তেওঁৰ জমি আন এজন লোককে থাকিবলে দিয়ে কিন্তু ভিন্ন ধৰ্মৰ লোকসকলে নীলিমা চক্ৰৱৰ্তী ভূমি দখল কৰিবলৈ বিচাৰে তাতেই সৃষ্টি হয় কাজিয়াৰ। পিছতেই নীলিমা চক্ৰৱৰ্তীয়ে ভূমি কেন্দ্রিক বিবাদৰ ফলত কাঠলিছৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। আৰু এই গোচৰ ৰুজু কৰাক লৈ প্রচণ্ড মাৰপিট হয়। জানিব পৰা মতে, বিগত ৩ বছৰৰ পৰা হাইলাকান্দ জিলাৰ দীননাথপুৰ গাঁৱৰ এটা ভূমিৰ অধিকাৰক লৈ ন্যায়ালয়ত গোচৰ চলি আছে।স্থানীয় মহিলা নীলিমা চক্ৰৱৰ্তী আৰু নাজিৰ আহমদ চৌধুৰী নামৰ এগৰাকী শিক্ষকৰ পৰিয়ালৰ মাজত এক গোচৰ চলি আহিছে।কিন্তু যোৱ‍া সপ্তাহত ন্যায়ালয়ে নীলীমা চক্ৰবৰ্তীৰ পক্ষে ৰায় প্ৰদান কৰে। ইয়াৰ পিছতে শনিবাৰে আবেলিৰ ভাগত নাছিৰ আহমদ আৰু তেওঁৰ পৰিয়ালৰ লোকে নীলীমা চক্ৰবৰ্তীৰ বাসগৃহত উপস্থিত হৈ নীলিমা আৰু তেওঁৰ সমৰ্থনত থকা কবিৰ উদ্দিন সহ আন কেইবাজনো লোকৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। নাছিৰ আহমদ আৰু তেওঁৰ পৰিয়ালে হাতত বাহ, লাঠি আৰু বিভিন্ন চুকা অস্ত্ৰ লৈ চলোৱা এই আক্ৰমনত নীলীমা চক্ৰবৰ্তীৰ সমৰ্থনত থকা ১০ গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হয়। আহত সকলৰ মাজত দুগৰাকী মহিলাও আছে।আহত লোকসকলক হাইলাকান্দি সন্তোষ কুমাৰ ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।