Local, Vocal, Global

Land centric clash : কাছাৰত দুটা ফৈদৰ মাজত সংঘৰ্ষ; আহত ২০জনকৈ লোক

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত । কাছাৰৰ বৰখলা বুড়িবাইল অঞ্চলত সংঘটিত হৈছে দুই ফৈদৰ মাজত সংঘাত(Land centric clash) ।দুই পক্ষৰ তুমুল সংঘৰ্ষত আহত হয় প্ৰায় ২০ জনকৈ লোক ।

জানিব পৰা মতে, বুড়িবাইল তৃতীয় খণ্ড গাঁৱৰ নাজিম উদ্দিন আৰু নূৰ আলী নামৰ দুজন লোকৰ মাজত দীর্ঘদিন ধৰি ভূমিকেন্দ্ৰিক বিবাদ চলি আহিছে । বিগত বছৰৰ ছেপ্টেম্বৰ মাহৰ ২৭ তাৰিখে আদালতৰ নির্দেশত ১২ বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছিল প্রশাসনে আৰু এই ১২ বিঘা ভূমিত থকা ১৫ টা পৰিয়ালৰ ঘৰ-বাৰী উচ্ছেদ কৰি প্ৰশাসনে আদালতৰ নিৰ্দেশত ভূমি চমজাই দিছিল নাজিম উদ্দিন পক্ষক(Land centric clashes between two families) ৷

আদালতৰ নিৰ্দেশত ভূমি পোৱাৰ পাছত এই ভূমিত শাক-পাচলি খেতি আৰম্ভ কৰিছিল নাজিম উদ্দিন পক্ষই । কিন্তু, দেওবাৰে পুনৰ এই ভূমিক কেন্দ্ৰ কৰি নাজিম উদ্দিন আৰু নূৰ আলী পক্ষৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয় । হাতত দা, লাঠিকে ধৰি বিভিন্ন চোকা অস্ত্ৰৰে এক পক্ষই আন পক্ষলৈ লক্ষ্য কৰি চোঁচা লয় আৰু আক্রমণ চলায় । কার্যতঃ ৰণক্ষেত্ৰৰ ৰূপ ধাৰণ কৰে বুড়িবাইল অঞ্চলটোৱে ।

দুইপক্ষৰ ভয়ংকৰ এই মাৰপিটত প্ৰায় ২০ জনৰো অধিক লোক আহত হয় । আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । ইয়াৰে মাজত কেইবাজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় । ইপিনে, ভয়ংকৰ এই মাৰপিটৰ পাছত উভয় পক্ষই ৰুজু কৰিছে গোচৰ ।

লগতে পঢ়ক : Road Accident : শোকাৱহ দুৰ্ঘটনা; নিহত ৬জন, আহত দুজন শিশু