Land centric clash : ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি;আহত ৭ জনকৈ লোক
নগৰবেৰা,৩০জানুৱাৰী : নগৰবেৰাৰ নতুন বদলাত ভয়ংকৰ মাৰপিটৰ ঘটনা। খুড়াক আৰু ভতিজাৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত। দুই ফৈদৰ ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি ।
ভূমিক লৈ দুই ফৈদৰ মাৰপিটত আহত ৭ জনকৈ লোক।আহত লোককেইজনৰ তিনিজনক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে, গাঁওখনৰ নুৰুল ইছলাম (ভতিজা) আৰু ইয়াদ আলীৰ (খুড়া) মাজত দীৰ্ঘদিনৰে পৰা এডোখৰ ভূমিক লৈ চলি আছিল বিবাদ। এই বিবাদে বুধবাৰে ভয়ংকৰ ৰূপ লয়।প্ৰথমে দুই ফৈদৰ মাজত বাক বিতণ্ডা তাৰ পাছত দা লাঠিৰে সংঘটিত হয় মাৰপিট।এই মাৰপিটত আহত হয় উভয় পক্ষৰ ৭ জনকৈ লোক
।গুৰুতৰ ভাৱে আহত ইয়াদ আলী, ফাইজুল হক আৰু জাকিৰ হুছেইনক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে। এই ঘটনাই চেপা উত্তেজনা বিৰাজ কৰিছে অঞ্চলটোত(Land centric clash)।
লগতে পঢ়ক :Chapar News :চাপৰৰ হাতিপোতাৰ নয়ন ইটা উদ্যোগত মাৰপিটৰ ঘটনা