Land centric clash : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত; সংঘৰ্ষত আহত ১০ জনকৈ লোক
নিউজ ডেস্ক,১২আগষ্ট : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত। সংঘৰ্ষত আহত হয় প্ৰায় ১০ জনকৈ লোক।
হাটশীঙীমাৰীৰ কানাইমাৰাত সংঘটিত হৈছে ভয়ংকৰৰ মাৰপিটৰ ঘটনা(Land centric clash) ।
জানিব পৰা মতে, কানাইমাৰাত এডোখৰ মাটিকলৈ দুই ফৈদৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আছিল কাজিয়া। মাটি ডোখৰকলৈ আদালতত দাখিল কৰিছিল গোচৰ ।
গোচৰ চলি থকা অবস্থাত মাটিত কাম কৰাত বাধা দিয়া বাবে সূত্ৰপাত হয় কাজিয়াৰ । ফলত গুৰুতৰ ভাবে আহত হয় বহু কেইগৰাকী লোক
আহত কেইজন বৰ্তমান হাটশীঙীমাৰী জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
লগতে পঢ়ক :Illegal weapon in Lanka Kaki : লংকাত জব্দ অবৈধ অস্ত্ৰসহ আটক এজন