Local, Vocal, Global

Lakshman Prasad Acharya takes oath as Governor of Assam : অসমৰ নৱনিযুক্ত ৰাজ্যপালৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শপত গ্ৰহণ

নিউজ ডেস্ক,৩০জুলাই : আজি শপত গ্ৰহণ কৰিলে অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য । মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰালে লক্ষ্মণ প্ৰসাদ আচাৰ্যক(Lakshman Prasad Acharya takes oath as Governor of Assam)।

 ধূতি-পাঞ্জাৱী পৰিধান কৰি ৰাজ্যপালগৰাকীয়ে শপতগ্ৰহণ কৰে । শপতগ্ৰহণ অনুষ্ঠানটোত সপত্নীক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ভালেসংখ্যক মন্ত্রী-বিধায়ক আৰু চৰকাৰী বিষয়া উপস্থিত থাকে । অনুষ্ঠানত নৱনিযুক্ত ৰাজ্যপালগৰাকীৰ পৰিয়ালৰ সদস্যও উপস্থিত থাকে ।

উল্লেখ্য যে অসমৰ ৰাজ্যপাল হিচাপে মঙলবাৰে শপতগ্ৰহণ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে । ইয়াৰ পূৰ্বে লক্ষ্মণ প্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

আজি শপতগ্ৰহণ কৰা লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

আনহাতে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপেও নিযুক্তি দিয়া হৈছে।

লগতে পঢ়ক :Four labourers killed as roof of under-construction building collapses : ভাঙি পৰিল নিৰ্মীয়মাণ বিল্ডিঙৰ চাদ;নিহত ৪জন শ্ৰমিক