Local, Vocal, Global

পাইলট প্ৰক্ষিশণৰ বাবে সাজু লখিমপুৰৰ লালীবাৰী বিমান বন্দৰ

নিউজ ডেস্ক, ১২ এপ্ৰিল : লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে পাইলট প্ৰশিক্ষণৰ বাবে । আনুষ্ঠানিক ভাৱে মংগলবাৰে শুভ উদ্বোধন কৰিব উত্তৰ পূৰ্ৱাঞ্চলৰ প্ৰথম খন পাইলট ট্ৰেইনিং একাডেমী । Red Birid Flight Training Academy ৰ উদ্যোগত লীলাবাৰীত বিমান চলোৱাৰ পাইলত প্ৰশিক্ষণ দিয়ী হ’ব ।

পাইলট প্ৰক্ষিশণৰ বাবে সাজু লখিমপুৰৰ লালীবাৰী বিমান বন্দৰ

উত্তৰ পূৰ্ৱাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে এই ফ্লাইট ট্ৰেইনিং একাডেমি ৰেড বাৰ্ড ফ্লাইটৰ বেনাৰত আৰম্ভ কৰা হৈছে। ইতিমধ্যে উত্তৰ পূৱৰ বহু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে এই একাডেমি খনত পাইলত প্ৰশিক্ষণ অৰ্থাৎ বিমান চলোৱাৰ শিক্ষা ল’বলৈ নামভৰ্তি কৰিছে ।

পাইলট প্ৰক্ষিশণৰ বাবে সাজু লখিমপুৰৰ লালীবাৰী বিমান বন্দৰ

উল্লেখ যোগ্য যে, পাইলট প্ৰক্ষিশণ দিয়াৰ অৰ্থত মহাৰাষ্ট্ৰৰ পুণেৰ পৰা ৰেড বাৰ্ডৰ দুখন ফ্লাইট লখিমপুৰত উপস্থিত হৈছে । মংগলবাৰে অসামৰিক বিমান পৰিবহনৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই আনুষ্ঠানিক ভাৱে লীলাবাৰীত পাইলত প্ৰশিক্ষণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।