Harassment of students : উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তাৰ বিৰুদ্ধে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ

লখিমপুৰ, ২৩জুলাই : বিতৰ্কৰ আৱৰ্তত নৰ্থ লখিমপুৰ কলেজ । । নৰ্থ লখিমপুৰ কলেজৰ শিক্ষকৰ বিৰুদ্ধে উঠিছে নিৰ্যাতনৰ অভিযোগ । মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে তুলিছে এই গুৰুতৰ অভিযোগ (Harassment of students)। শিক্ষা প্ৰতিষ্ঠানখনৰ অসমীয়া বিভাগৰ অধ্যাপক ড° হেমন্ত শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ ৷ অভিযোগ অনুসৰি, শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছে শিক্ষাৰ্থীসকলে(lakhimpur students alleged physical and mental abuse against the lecturer) ।
এখন অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান উত্তৰ লখিমপুৰ মহাবিদ্যালয় । এনে এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষকৰ এনে কু-কাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে বিতর্কৰ । এই গৰাকী অসমীয়া বিভাগৰ প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে অসমীয় বিভাগটোৰ তৃতীয় ষান্মাসিক ৫৮ গৰাকীকৈ ছাত্ৰীয়ে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ তুলিছে ।
উল্লেখ্য় যে, শুকুৰবাৰে শিক্ষাৰ্থীসকলে কলেজখনৰ অধ্যক্ষক ওচৰত অসমীয়া বিভাগৰ প্ৰৱক্তা ড০ হেমন্ত শৰ্মাই শ্ৰেণীকোঠাত শিক্ষাৰ্থীক শাৰীৰিক আৰু মানসিকভাৱে অপদস্ত কৰাৰ অভিযোগ দাখিল কৰে । ছাত্ৰ-ছাত্ৰীৰ এই অভিযোগৰ পিছতে শনিবাৰে প্ৰৱক্তা হেমন্ত শৰ্মাক বাধ্যতামূলক চুটি প্ৰদান কৰে । আৰু ঘটনা সন্দৰ্ভত এখন তদন্ত সমিতি গঠন কৰি কলেজ কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত তদন্ত চলাব বুলি জানিবলৈ দিয়ে শিক্ষা প্ৰতিষ্ঠান কৰ্তৃপক্ষই (lakhimpur students alleged physical and mental abuse against the lecturer in north lakhimpur college) ।
প্ৰাপ্ত তথ্য় অনুসৰি, ঘটনা সন্দৰ্ভত কলেজ কৰ্তৃপক্ষই জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক ইতিমধ্যে অৱগত কৰিছে । ২৪ জুলাই অৰ্থাৎ সোমবাৰে মহাবিদ্যালয় চৌহদত ঘটনা সংক্ৰান্তত পৰিচালনা সমিতিৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ পৰা গৈছে ।জানিব পৰা মতে, কলেজ কতৃপক্ষই এই বিষয়ে উপায়ুক্তৰ জৰিয়তে অৱগত কৰিছিল লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ৷
লগতে পঢ়ক : Two tribal women stripped naked : মানৱ সমাজক লজ্জানত কৰা ঘটনা পশ্চিমবংগত