Youth killed by thieves in Lakhimpur : হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব, মন্ত্ৰী জয়ন্ত মল্লৰ আশ্বাস
নিউজ ডেস্ক, ৩১ জুলাই : সোমবাৰে প্ৰণৱ শইকীয়াৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা(Minister Jayantamalla Baroua) ৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰণৱ শইকীয়াৰ আইতাকৰ আহ্বান,’আমি কেনেকৈ উদ্ধাৰ পাম সেইটো চিন্তা কৰিব নালাগে ৷ আমাক ন্যায় লাগে(Youth killed by thieves in Lakhimpur) ৷
উল্লেখ্য চাৰিদিন পূৰ্বে দুৰ্বৃত্তৰ হাতত প্ৰাণ গৈছিল যুৱক প্ৰণৱ শইকীয়াৰ ৷ ছাগলী চোৰ কৰিব যোৱা এটা দলে হানি খুচি হত্যা কৰিছিল প্ৰণৱ শইকীয়াক ।
প্ৰণৱৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাসহ জিলা আয়ুক্ত সুমিত সাত্তাৱান, বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা ৷ দুৰ্ভগীয়া পৰিয়ালৰ মন্ত্ৰীগৰাকীলৈ অনুৰোধ, যাতে দোষীয়ে কঠোৰ শস্তি পায় ৷ আমাক লাগে ন্যায় ৷ হত্যাকাৰীক ফাঁচী দিব লাগে ৷ আপোনালোকে প্ৰণৱৰ হত্যাকাৰীক সহজতে এৰি নিদিব ৷
ভুক্তভোগী পৰিয়ালক সমবেদনা প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় , ‘এনে ঘটনা হ’ব বুলি আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো ৷ ইতিমধ্যে দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আমি যিমান পাৰো সিমান চেষ্টা কৰিম যাতে দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পায় তাৰ ব্যৱস্থা কৰা হ’ব ৷ আইনে যি কয় তাৰ ওপৰত ভিত্তি কৰিয়ে শাস্তি প্ৰদান কৰা হ’ব ৷’
আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ প্ৰণৱ শইকীয়াৰ আইতাকৰ আহ্বান,”আমি কেনেকৈ উদ্ধাৰ পাম সেইটো চিন্তা কৰিব নালাগে ৷ আমাক লাগে ন্যায় ৷ আপোনাক হাতযোৰ কৰিছো হত্যাকাৰীক ফাঁচী দিয়ক ৷ মই এই বিলাক কথা ভাবিলে মূৰ ঘুৰাই যায় ৷ ধন লৈ কোনো কাৰণতে হত্যাকাৰীৰ বাইকখন ঘুৰাই নিদিব ৷’
উল্লেখ্য প্ৰণৱ শইকীয়াৰ হত্যাকাণ্ডৰ পাছতে প্ৰতিবাদত উত্তপ্ত হৈ পৰিছিল লখিমপুৰ ৷ পথ অৱৰোধ, অপৰাধীৰ ঘৰৰ উচ্ছেদৰ দাবীৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল ৰাইজে ৷ তেজপুৰ আইটিআইৰ ছাত্ৰ প্ৰণৱ শইকীয়াৰ হত্যাকাণ্ডৰ পাছতে কোনো ধৰণৰ হিংসাত্মক পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ আৰক্ষী তৎপৰ হৈ পৰিছিল ।