Local, Vocal, Global

WATCH | Lahore Airport Blast : পুনৰ লাহোৰত ধাৰাবাহিক বিস্ফোৰণ

নিউজ ডেস্ক,৮মে’ : পুনৰ লাহোৰত ধাৰাবাহিক বিস্ফোৰণ। ৱাল্টন বিমান বন্দৰত মিছাইল আক্ৰমণ।

পাক সংবাদ মাধ্যমে দাবী কৰা অনুসৰি লাহোৰত ড্ৰ’নেৰে আক্ৰমণ কৰা হৈছে। লাহোৰ বিমানবন্দৰৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ শব্দ কেইবা কিলোমিটাৰ দূৰত শুনা গৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত লাহোৰত বাজি উঠিছে ছাইৰেন। লাহোৰৰ আকাশত ছানি ধৰিছে ক’লা ধোঁৱাই(Lahore Airport Blast)।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, পাকিস্তানী বিষয়াসকলে কয় যে তেওঁলোকে বিস্ফোৰণৰ স্থান আৰু কাৰণৰ এতিয়াও তদন্ত কৰি আছে। লাহোৰৰ গোপাল নগৰ আৰু নাছিৰাবাদ অঞ্চলৰ ৱালটন বিমানবন্দৰৰ সমীপৰ ৱালটন ৰোডত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে। সাধাৰণ নাগৰিকক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ বাধা দিয়া হৈছে।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ পকামুৰা পথাৰত একেলগে বিহু নাচিলে পাঁচ হাজাৰ নাচনীয়ে