Krishak Mukti Sangram Samiti: ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ ঘেৰাও কাৰ্যসূচী
ধেমাজি,২১নৱেম্বৰ : ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ ঘেৰাও কাৰ্যসূচী।
ধেমাজি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত ধেমাজি খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী দুই সংগঠনৰ(Krishak Mukti Sangram Samiti)।
কাৰ্যসূচীত এম জি এম, ৰেগা আৰু চতুর্দশ,পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে বৃহৎ পৰিমাণৰ পুঁজি গোঁসাই গাঁও, উত্তৰ ধেমাজি, জিয়াঢল, লক্ষীপথাৰ আৰু বিষ্ণুপুৰ পঞ্চায়তত আৱন্টন দিয়া পুঁজিত ব্যাপক দূর্নীতি অভিযোগ উত্থাপন কৰে।
দূর্নীতি নিৰপেক্ষ তদন্ত কৰি দোষী ব্যক্তি সকলক কঠোৰ শাস্তি প্রদান কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে।
লগতে পঢ়ক :Heated situation : জামুগুৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি