Kolkata doctor rape and murder case: মৃতদেহৰ কাষত উদ্ধাৰ ডায়েৰী;কিন্তু অতি ৰহস্যজনকভাৱে ডায়েৰীৰ কেবাটাও পৃষ্ঠা ফালি পেলোৱা হৈছিল
নিউজ ডেস্ক,১৮আগষ্ট : ৰাজপথত চিকিৎসক । চিকিৎসালয় এৰি ৰাজপথত কিয় চিকিৎসক। দেশৰ চিকিৎসক সকল ওলাই আহিছে । চিকিৎসক সকল প্ৰতিবাদ কৰিছে ।
৯ আগষ্ট,স্থান কলিকতাৰ আৰ জি কৰ হাস্পতাল । এক ভয়ংকৰ ঘটনা(Kolkata doctor rape and murder case) ।
ইতিমধ্যে দেশবাসীয়ে জ্ঞাত যে কলিকতাৰ আৰ জি কৰ হাস্পতালৰ নাৰকীয় ঘটনাৰ কথা। এই নাৰকীয় ঘটনাত জড়িত আছিল এদল উন্মাদ! CBIৰ হাতত ৩০জনৰ নাম ।
চিবিআইৰ তদন্তৰ লগে লগেই কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ঘটনাই নতুন মোৰ লৈছে। হাস্পতাল খনত নাছিল পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা। মহিলা চিকিৎসক-নাৰ্ছৰ সুৰক্ষা তথা প্ৰয়োজনীয় সা-সুবিধাও চিকিৎসালয়খনত নাই। তাৎপৰ্যপূৰ্ণভাৱে হাস্পতাল কৰ্তৃপক্ষই কনিষ্ঠ চিকিৎসকগৰাকীৰ সৈতে হোৱা বৰ্বৰ কাণ্ডৰ সাক্ষ্য-প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰাৰো অভিযোগ আহিছে। কলকাতাৰ চিকিৎসক গৰাকীৰ সৈতে হোৱা বৰ্বৰ কাণ্ডৰ পাছত দেশজুৰি ব্যাপক প্ৰতিবাদ অব্যাহত আছে।
২৪ ঘণ্টা জোৰা OPD সেৱা বন্ধ থকাৰ ফলত সৃষ্টি হৈছিল বহু অসুবিধাৰ ।এনে অসুবিধা সৃষ্টি হোৱাৰ পাছতেই চৰকাৰে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈছে বুলি আশ্বাস দিয়ে, আৰু প্ৰতিবাদকাৰী চিকিৎসক সকলোক পুনৰ কৰ্মক্ষেত্ৰলৈ আহিবলৈ আহ্বান জনায়। ইয়াৰ পাছতেই দেসবাসীৰ মনত প্ৰশ্ন উদয় হৈছে । তদন্তৰ গতি কোন দিশে আগবাঢ়িছে ?
ইতিমধ্যে CBI য়ে প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক তদন্তৰ আওতালৈ আনিছে। তাৰ মাজত ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে বহু খবৰ। এই গোটেই কথাবোৰৰ মাজত এখন ডায়েৰীৰ প্ৰসংগ আহিছে?
মৃতদেহৰ কাষত পোৱা গৈছিল এখন ডায়েৰী। কিন্তু অতি ৰহস্যজনকভাৱে ডায়েৰীৰ কেবাটাও পৃষ্ঠা ফালি পেলোৱা হৈছিল। কিয় ফালি পেলাইছিল ? কোনে ফালিছিল? কি আছিল সেই বিশেষ পৃষ্ঠা কেইটাত?
সাধাৰণতে চিকিৎসক সকলৰ হাতত ডায়েৰী থাকে। য’ত তেওঁলোকে ৰোগী, ৰোগ , ঔষধ, চিকিৎসা সম্বন্ধীয় তথ্য লিখি ৰাখে। তেনে ক্ষেত্ৰত কনিষ্ঠ চিকিৎসক গৰাকীয়ে এনে কি কথা লিখি ৰাখিছিল যাৰ বাবে পৃষ্ঠা ফালি পেলোৱা হ’ল? আছিল নেকি কিবা গোপন কথা? প্ৰকৃততে চিকিৎসালয়খনত কি চলিছিল?
অভিযুক্ত সঞ্জয় ৰয়ক গ্ৰেপ্তাৰৰ পাছত ভিতৰত চলা অৰাজকতা, লবি, দালালীৰ কথা পোহৰলৈ আহিল। এনেকুৱা আৰু বহু গোপন কথা জানিছিল নেকি ভুক্তভোগী যুৱতী গৰাকীয়ে !সেইয়াই কাল হ’ল নেকি?
ডায়েৰী খনৰ কথা আৰু কোনে জানিছিল ?এই সকলোবৰ সঠিক আৰু নিৰপেক্ষ তদন্তত হে পোহৰলৈ আহিব(Kolkata doctor rape and murder)।
লগতে পঢ়ক :78th independence day : ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মঞ্চত এয়া কি ?