Local, Vocal, Global

Koliabor thief: কলিয়াবৰ জখলাবন্ধা আৰক্ষীয়ে কৰায়ক্ত কৰে তিনিটাকৈ গৰু চোৰক

১০ ফেব্ৰুৱাৰী ২০২৫, কলিয়াবৰ:কলিয়াবৰ জখলাবন্ধা আৰক্ষীয়ে পুনৰ কৰায়ক্ত কৰিলে তিনিটাকৈ গৰু চোৰক।নিশা এক গোপন সূত্ৰৰ পম খেদি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বাগৰি আৰক্ষীৰ সহযোগত জখলাবন্ধা আৰক্ষীয়ে ৰূপহী থানাৰ এলেকাৰ পৰা তিনিটাকৈ কুখ্যাত গৰু চোৰক কৰায়ক্ত কৰিবলৈ সক্ষম হয়।গৰুচোৰকেইটা ক্ৰমে ৰূপহী থানাৰ এলেকাৰ গোদামাৰীৰ নেকিবুৰ ৰহমান, মাইনুল হক,ৰিংকু আহমেদ।
দুদিন পূৰ্বে জখলাবন্ধা আৰক্ষীয়ে চাৰিটাকৈ কুখ্যাত গৰু চোৰক কৰায়ক্ত কৰিবলৈ সক্ষম হৈছিল।বৰ্তমান তিনিটা চোৰক জখলাবন্ধা আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰখাৰ লগতে গৰু চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জখলাবন্ধা আৰক্ষীয়ে জানিবলৈ দিয়ে।