Local, Vocal, Global

Assam | Koliabor news: কলিয়াবৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ২৩ তম নৱাগত আদৰণি সভা

কলিয়াবৰ: পশ্চিম কলিয়াবৰৰ অগ্ৰণী শিক্ষানুষ্ঠান পশ্চিম কলিয়াবৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত অনুষ্ঠিত কৰা হয় নৱাগত আদৰণি সভা। আদৰণি সভাৰ লগতে সংগতি ৰাখি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুক্ষাৰ্থীৰে উৰ্ত্তীণ হোৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ লগতে দৃষ্টিঙচন সহ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা কীৰ্তিমান ছাত্ৰ দ্ৰোণ প্ৰসাদ শৰ্মাক প্ৰদান কৰা হয় ২০২৫ বৰ্ষৰ “৺ ফটিক চন্দ্ৰ ভঁৰালী স্মৃতি মেধা বঁটা” আৰু ৺ ডিম্বেশ্বৰ কাকতি স্মৃতি বঁটা।

উল্লেখ যে বিদ্যালয় খনৰ পৰা দৃষ্টিঙচন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীক প্রদান কৰা হয় ৺ ডিম্বেশ্বৰ কাকতি স্মৃতি বঁটা। এই বৰ্ষ এই দুয়োটি বঁটা লাভ কৰিবলৈ সক্ষম হয় বিদ্যালয় খনৰ কীৰ্তিমান ছাত্ৰ দ্ৰোণ প্ৰসাদ শৰ্মাই।

বিশিষ্ট অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰবীণ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বৃক্ষ ৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধক্ষ্য মণিমাধৱ মহন্ত, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কুঁৱৰিটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অম্লান গোস্বামী, কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ৰঞ্জিত কুমাৰ বৰা আৰু নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক মৃগাংক শেখৰ ভঁৰালী হাজৰিকই।

চাওঁতে চাওঁতে ৰূপালী জয়ন্তী বৰ্ষৰ কাষ চাপি অহা বিদ্যালয় খনে প্ৰতি বৰ্ষই এটা সুন্দৰ ৰিজাল্ট দিবলৈ সক্ষম হৈছে যদিয়ো কিয় প্ৰদেশিকৰণ হোৱা নাই তাৰো এক প্ৰশ্ন উত্থাপন কৰি অতি সোনকালে প্ৰদেশিকৰণ কৰিবৰ বাবেও অনুৰোধ জনাইছে সচেতন মহলে।

লগতে পঢ়ক:Watch | Sivasagar news:৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰত