Local, Vocal, Global

গঠন হ’ব কমতাপুৰ ৰাজ্য! কিবা হ’ব লাগিলে সংশ্লিষ্ট চৰকাৰৰ সৈতে আলোচনা হ’বঃ প্ৰমোদ

কোকৰাঝাৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ভাৰত চৰকাৰৰ সতে কামতাপুৰ লিবাৰেচন অৰ্গানাইজেচন চমুকৈ কেএলঅ’ৰ শান্তি আলোচনা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আৰু সকলো ঠিকে ঠাকে থাকিলে জানুৱাৰী মাহতে কামতাপুৰৰ বুকুত নতুন সূৰ্য উদয় হ’ব বুলি কেএলঅ’ উপমুখ্য সেনাধ্যক্ষ সূৰ্য কোচে এক প্ৰেছ বিবৃতিযোগে সদৰি কৰাৰ পিছতেই আজি কমতাপুৰ সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। কোকৰাঝাৰত সাংবাদিকৰ এক প্ৰশ্নত্তোৰত প্ৰমোদ বড়োৱে কয় যে কিবা এটা ৰাজ্য হ’ব লাগিলে বা স্বায়ত্বশাসিত অঞ্চল হ’ব লাগিলে সেই অঞ্চলৰ সংশ্লিষ্ট চৰকাৰ আৰু তাত থকা স্বায়ত্বশাসিত চৰকাৰৰ সতে আলোচনা হ’ব।

তদুপৰি উক্ত অঞ্চলত থকা জনগোষ্ঠীৰ সতে, বিভিন্ন দল -সংগঠনৰ সতেও আলোচনা হ’ব। অসমৰ ভূমি যদি পশ্চিমবংগৰ সতে সংযোজন হ’ব লগা হয় তেন্তে ভাৰতৰ অন্যতম শক্তিশালী ৰাজ্য অসম চৰকাৰৰ সতে আলোচনা হ’ব আৰু বিটিচি চৰকাৰৰ সতেও আলোচনা হ’ব । এনেই কিছুমান বাতৰি ওলাই সমাজক বিভ্ৰান্ত কৰে আৰু সমাজত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। বাতৰিৰ আঁত ধৰি বিপথে পৰিচালিত নহবলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে কয় যে তেনে ১০ টা কথা কৈ আমিও বাতৰিৰ শিৰোনামা দখল কৰিব পাৰো কিন্তু শান্তি ঘূৰি অহাৰ পিছত তেনে কাম নকৰিবলৈ সকলোপক্ষকে আহ্বান জনায় । প্ৰমোদ বড়োৱে কেএলঅ’ক মুলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাই কয় যে কোচ -ৰাজবংশী জনগোষ্ঠীৰ বাবে বহুখিনি কাম কৰিব লগা আছে আৰু মূলসূঁতিলৈ ঘূৰি আহি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কাম কৰক। তদুপৰি অঞ্চলটোৰ পৰিৱেশ শান্তিপুৰ্ণভাৱে ৰখাৰ যত্ন কৰিব লাগে । অস্ত্ৰ লৈ সংগ্ৰাম কৰাৰ আগৰ পৰিৱেশ নাই আৰু যি জনগোষ্ঠীৰ সংগ্ৰামীসকলে মূলসূঁতিলৈ ঘূৰি আহিছে তেওঁলোক উত্তৰণৰ দিশে ধাৱিত হৈছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জ্ঞাত আৰু যাৰ পৰিণতিতে ইতিমধ্যে বিটিআৰ চুক্তি , আদিৱাসী, গোৰ্খা , কাৰ্বি , ডিমাছা আদি সংগ্ৰামী গোটে অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি আহিছে।

আনহাতে জিলা বিলোপকৰণ সন্দৰ্ভত কয় যে চৰকাৰে সদায় জনগণৰ স্বাৰ্থত কাম কৰি আহিছে। কিছুমানে ইয়াকে ইচ্ছু বনাই মিছাতে ৰাজনীতি কৰি আছে বুলি মন্তব্য কৰি সমাজ বিভাজন -জাতি বিভাজনৰ ৰাজনীতিৰ পৰিবৰ্তে উন্নয়নৰ ৰাজনীতি কৰিবলৈ আহ্বান জনাইছে প্ৰমোদ বড়োৱে।
উল্লেখ্য যে, গণৰাজ্য দিৱসৰ পূৰ্বে নিষিদ্ধঘোষিত কেএলঅ’ৰ সতে শান্তি চুক্তি সম্পন্ন হৈ বিটিআৰৰ কোকৰাঝাৰ, চিৰাঙৰ লগতে অসম আৰু পশ্চিমবংগৰ কিছু অঞ্চলক সাঙুৰি কমতাপুৰ কেন্দ্ৰীয়শাসিত অঞ্চল গঠন হ’ব নেকি তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে কেএলঅ’ৰ উপমুখ্য সেনাধ্যক্ষ সূৰ্য কোচে কালি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিবৃতিত সকলো ঠিকে ঠাকে থাকিলে জানুৱাৰী মাহতে কামতাপুৰৰ বুকুত নতুন সূৰ্য উদয় হ’ব বুলি প্ৰকাশ কৰাৰ লগতে এইক্ষেত্ৰত কামতাপুৰবাসীৰ সহায় সহযোগ কামনা কৰি কোনো দেশী বিদেশী চক্ৰান্তকাৰীয়ে যাতে শান্তি আলোচনাত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সকলোকে সজাগ সচেতন হবলৈ আহ্বান জনাইছিল।