Watch | Kokila hs result: শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা যে হেঙাৰ হব নোৱাৰে তাৰেই প্ৰমান কৰি দেখুৱালে বৰ্ণালী মণ্ডলে
কোকিলা: জল্পনা কল্পনা অন্তত আজি ঘোষণা কৰা হৈছে উচ্চৰ মাধ্যমিক বিদ্যালয় ফলাফল। শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা যে হেঙাৰ হব নোৱাৰে তাৰেই প্ৰমান কৰি দেখুৱালে বৰ্ণালী মণ্ডলে। পিতৃহীন বৰ্ণালী মণ্ডলে ৯১ শতাংশ নম্বৰ লৈ গৌৰৱ কঢ়িয়াই আনিছে কীৰ্তনপাৰালৈ। কীৰ্তনপাৰাত মডেল একাডেমী ১০ শতাংশ উত্তীৰ্ণ।
বঙাইগাওঁ জিলা কীৰ্তনপাৰাৰ মইনাপাৰা পিতৃহীন বৰ্ণালী মণ্ডলে উচ্চাসিত হৈ পৰিছে। কীৰ্তনপাৰা মডেল একাডেমীৰ পৰা বৰ্ণালীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এইবাৰ পাঁচটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰাৰ উপৰিও শিক্ষা বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰী গৰাকীয়ে। মাকে এখন প্ৰাইভেট স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কাম কৰি পৰিয়ালটো পোহ পাল দিয়াৰ উপৰিও বৰ্ণালী মণ্ডল দিছিল পঢ়াৰ খৰচ। ভবিষ্যত এগৰাকী আই এছ বিষয়া হোৱাৰ সপোন দেখিছে ছাত্ৰী গৰাকীয়ে।