Kohoraত ভয়ংকৰ পথ দুৰ্ঘটনা
নিউজ ডেস্ক, ৪ জুলাই : সোমবাৰে পুৱা গোলাঘাট জিলাৰ Kohoraৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰিজুৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
খবৰ অনুসৰি, ব্যক্তিজনে বস্তু কঢ়িয়াই নিয়া এখন ট্ৰাকৰ বাবে ৰাষ্টা পৰিস্কাৰ কৰি আছিল আৰু এডাল লাঠিৰ সহায়ৰ গছৰ ডাল আৰু বৈদ্যুতিক তাঁৰ আঁতৰ কৰি আছিল।
আৰু তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন অচিনাক্ত বাহনে মানুহজনক খুন্দা মাৰে। যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় ব্যক্তিজনৰ।
ঘটনাটো সংঘটিত হোৱা পিছত, কমেও এঘণ্টাৰ বাবে যাত্ৰীসকলৰ যোগাযোগ ব্যাহত হৈছিল আৰু পথটো অৱৰোধ কৰা হৈছিল ।
পৰৱৰ্তী সময়ত, কহৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু যানবাহনপাৰ হোৱাৰ বাবে ঠাইখিনি পৰিষ্কাৰ কৰে।