বঙাইগাঁওত কোচ ৰাজবংশী জাতীয় পৰিষদৰ জংগী অৱস্থানৰ ধৰ্মঘট আন্দোলনৰ আহ্বান
নিউজ ডেস্ক, ১৭ মাৰ্চ : অসম পশ্চিমবংগ ৰাজ্যৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত ২৩ মাৰ্চত জংগী আন্দোলনৰ আহ্বান জনাই জনগোষ্ঠীটোৰ জাতীয় সংগঠন কোচ ৰাজবংশী জাতীয় পৰিষদে।

খবৰ অনুসৰি, নামনি অসম তথা বিটিএডি এলেকাৰ চিৰাং জিলাৰ বিজনী চহৰত অনুষ্ঠিত এক সংবাদমেলত কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, সহকাৰী সম্পাদক জগন্নাথ ৰায় আৰু কেন্দ্ৰীয় সদস্য পূৰ্ণিমা বৰ্মনে বিজেপি দলৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু উদ্বেগ প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক বৰ্তমান কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ধোঁৱা চাঙত তুলি জনগোষ্ঠী কেইটাৰ জাতীয় অনুভূতিত চৰম আঘাত আনিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে প্ৰকাশ কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলিত বাজেট অধিৱেশনত জনজাতিকৰণৰ বিধেয়ক উভয় সদনতে গৃহীত কৰি জনজাতিৰ মৰ্য্যদা দিয়াৰ লগতে ১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে তদানীন্তন ভাৰত চৰকাৰ আৰু কোচ কমতাৰ মাজত সম্পাদিত মাৰ্জৰ চুক্তিৰ প্ৰতি সন্মান জনাই উক্ত প্ৰাপ্য অধিকাৰ ঘূৰাই অনাৰ দাবীত সংগঠনটোৱে অহা ২৩ মাৰ্চত বঙাইগাঁও জিলা সদৰ চহৰত তিনি ঘন্টীয়া ধৰ্মঘট আন্দোলনৰ আহ্বান জনাই।