WATCH | Koch Rajbongshi : ৰাজ্যিক কেবিনেটত ৰাজ্যৰ কোচ ৰাজবংশী জনজাতিক লৈ গ্রহণ কৰিছে ডাঙৰ সিদ্ধান্ত

ওদালগুৰি,৪এপ্ৰিল : ৰাজ্যিক কেবিনেটত ৰাজ্যৰ কোচ ৰাজবংশী জনজাতিক লৈ গ্রহণ কৰিছে ডাঙৰ সিদ্ধান্ত । NRC ৰ সময়ত ৰাজ্যৰ প্রায় ২৮ হাজাৰ কোচ ৰাজবংশী লোকক স্বীকৃতি দিয়া হৈছিল D VOTER হিচাপে । ইয়াক লৈ ফৰেইনাৰ ট্ৰিবিউনেলত কেইবাবছৰ ধৰি চলিছিল গোচৰ(Koch Rajbongshi)।
আজি অৱশেষত ৰাজ্যিক কেবিনেটে সংবাদমেল যোগে ফৰেইনাৰ ট্ৰিবিউনেলত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ।
ইয়াৰ পাছতেই ৰাজ্যৰ যিসমূহ কোচ ৰাজবংশীয় দল সংগঠন আছে তেওঁলোক উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই প্রতিক্রিয়া প্রকাশ কৰিছে সদৌ অসম কোচ ৰাজবংশী ছাত্র সন্থাৰ কেন্দ্রীয় সভাপতি অতুল বৰ্মনে ।