Local, Vocal, Global

Know the Benefits of Papaya Leafs : অমিতা গছৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?

বাৰ মাহত প্ৰকৃতিয়ে আমাক বিভিন্ন ফল উপহাৰ দিয়ে ।এই ফলসমূহত প্ৰকৃতিয়ে বহুতো ঔষধি গুণ লুকুৱাই ৰাখে।তাৰে ভিতৰত এবিধ ফল হৈছে অমিতা । অমিতা আমাৰ সকলোৰে পৰিচিত এক খাদ্য। প্ৰত্যেকৰে ঘৰত অমিতাৰ গছ থকা পৰিলক্ষিত হয় (Papaya Benefits)।

অমিতা এবিধ পুষ্টিদায়ক ফল। অমিতা মিঠা,সুস্বাদু আৰু এক সুন্দৰ ৰূপৰ আকৰ্ষণীয় ফল । অমিতা সকলোৰে প্ৰিয় নহ’ব পাৰে কিন্তু পকা অমিতাৰ পুষ্টিগত মূল্যই স্বাস্থ্য উন্নত কৰিব পাৰে । পকা অমিতাৰ জাম-জেলীও অতি সোৱাদযুক্ত । অমিতাক স্বাস্থ্যৰ উপকাৰিতাৰ ভঁৰাল বুলি ক’লেও ভুল নহ’ব (Health Benefits of Papaya)।

অমিতা স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া হয়তো সকলোৱেই জানে । পেটেই হওক বা ছাল-চুলিয়েই হওক, স্বাস্থ্য আৰু সৌন্দৰ্য দুয়োবিধতে অতি উপকাৰী অমিতা(Papaya leafs benefits) । কিন্তু অমিতাতকৈ অমিতা গছৰ পাত অধিক উপকাৰী ।

চিকিৎসকে দাবী কৰা অনুসৰি অমিতা গছৰ পাত ফলতকৈয়ো ১৫ গুণ বেছি স্বাস্থ্য উপকাৰী । অমিতাৰ পাতৰ পৰা ৰস উলিয়াই বা পাতেৰে চাহ তৈয়াৰ কৰি অথবা পাচলি হিচাপে খাব পাৰে ।

মিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকালয়ড আৰু ফেনলইড সমূহৰ আছে ভাবিব নোৱাৰা স্বাস্থ্য উপকাৰী গুণ(Know the Benefits of Papaya Leafs )।

এলকালয়ড আৰু ফেনলইড সমূহে মানুহৰ দেহত এন্টী-স্পাষ্মদিক, এন্টী-ইনফ্লেমেটৰী, এনালজেছিক, এন্টী-বেক্টেৰিয়েল আৰু এন্টী-অক্সিডেন্ট হিচাপে কাম কৰিব পাৰে । লগতে অমিতা গছৰ পাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, চডিয়াম, মেগনেছিয়াম, আইৰণ আৰু মেগনেছিয়াম আদি খনিজ লৱন থাকে, যিবোৰ দেহৰ বাবে প্রয়োজনীয় ।

তাৰোপৰি অমিতা গছৰ পাতত তেজৰ প্লেটলেট বৃদ্ধি কৰিব পৰা গুণ আছে যিটো ডেংগু জ্বৰ হোৱা লোকৰ বাবে অতি প্ৰয়োজন।

অমিতা গছৰ পাতত কেঞ্চাৰ আৰু মেলেৰিয়া জ্বৰ প্ৰতিৰোধ ক্ষমতাও আছে । অমিতা আৰু ইয়াৰ গছৰ পাতৰ সক্ৰিয় জৈৱিক মিশ্ৰণ পেপেইন , কাইম’পেপেইন(ফলত), এচর্বিক এচিড, চাইনজেনিক গ্লুকচাইড, চিচ্টেটিন, গ্লুকচিনলেট আদি পোৱা যায় ।

ইয়াৰে পেপেইন আৰু কাইম’পেপেইনে আমি খোৱা খাদ্যৰ প্ৰটিন খিনি সহজতে হজম কৰাৰ লগতে পেটৰ বদহজম দূৰ কৰে।

অমিতাৰ পাতত মানৱ দেহৰ ইনচুলিন হৰম’ন সক্রিয় কৰি ৰখাৰ ক্ষমতা আছে । সেয়ে পাতৰ ৰস সময়ে সময়ে পান কৰিলে ডায়েবেটিছ ৰোগৰ পৰা পৰিত্রান পাব পাৰি বুলি কোৱা হয় ।

অমিতাৰ পাতৰ ৰসাল এন্টী-অক্সিডেন্ট সমূহে দেহৰ অক্সিডেটিভ ষ্ট্ৰেছ দূৰ কৰিব পাৰে । অমিতা পাতৰ ৰসৰ লিভাৰ সংশোধন কৰিব পৰা গুণো আছে

অমিতা গছৰ পাতৰ ৰস গ্ৰহণ কৰিলে জণ্ডিচ ৰোগ আৰু চিৰহচিছ লিভাৰ আৰু ফেঁটি লিভাৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি । আহাৰ খোৱাৰ পিছত অমিতাৰ পাতৰ ৰস এক-দুইচামুচ কৈ প্ৰতিদিনে খাব পাৰে । কিন্তু দুচামুচতকৈ বেছিকৈ নাখাব, কিয়নো অমিতা পাতৰ ৰস সোৱাদত খুব তিতা । একেৰাহে ইয়াক ৬-৭ দিনৰ বাবেহে খাব , বেছি দিন একেৰাহে নাখাব ৷