Local, Vocal, Global

মহানগৰীৰ বশিষ্টত চুৰিকাঘাটৰ ঘটনা, ছুৰিৰে হানিলে এজনক

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ গুৱাহাটী মহানগৰীত অঘটন। পুৱাই মহানগৰীৰ বশিষ্টত চুৰিকাঘাটৰ ঘটনা সংঘটিত হয়।এগৰাকী চালকে হেণ্ডিমেনক ছুৰীৰে আঘাট কৰে । ইয়াৰ ফলত হেণ্ডিমেনগৰাকী গুৰুতৰভাৱে আহত হয়।

সঞ্জীৱ বৰা নামৰ এজন মেজিক চালকে ছুৰীৰে হানিলে হেণ্ডিমেনজনক । বকুল মেধি নামৰ হেণ্ডিমেন জন এই ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে।

এই ঘটনাৰ পিছতেই বশিষ্ট আৰক্ষীয়ে চুৰিকাঘাট কৰা চালক সঞ্জীৱ বৰাক আটক কৰে। এই ঘটনাৰ পিছতেই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সোমবাৰে গাড়ীত মানুহ উঠোৱাক লৈয়ে এই কাজিয়াৰ সূত্ৰপাত হৈছিল। যাৰ পৰিণতিত এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে,বকুল মেধি নামৰ হেণ্ডিমেন জনে প্ৰতিদিনে সঞ্জীৱ বৰাক অশালীন ব্যৱহাৰ কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।