Union Budget 2025 :দাখিল বিত্তীয় বাজেট; কোটি কোটি কৃষকৰ বাবে সুখবৰ!
নিউজ ডেস্ক,১ফেব্ৰুৱাৰী : আজি সংসদৰ বাজেট অধিৱেশনত দাখিল বিত্তীয় বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৫ বৰ্ষৰ বাজেট। শনিবাৰে দিনৰ ১১ বজাত বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে(Union Budget 2025)।
এয়া মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। বাজেটত বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।
২০২৫ চনৰ বাজেটত মোদী চৰকাৰে দেশৰ কোটি কোটি কৃষকক বৃহৎ সকাহ দিছে(Kisan Credit Card Loan Limit Raised To Rs 5 Lakh For Farmers)।
এতিয়াৰে পৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণৰ সীমা ৩ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
চৰকাৰে বাজেটত কৃষকক লৈ আন বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিছে। বাজেটত কেন্দ্ৰীয় চৰকাৰে ধন ধান্য কৃষি যোজনাৰ জৰিয়তে ১.৭ কোটি কৃষকক সহায়ৰ বাবে কৃষি কাৰ্যসূচী ৰূপায়ণ কৰিছে।
বিহাৰত স্থাপন হ’ব মাখান ব’ৰ্ড। এই ব’র্ডে মাখানা কৃষকক সহায় কৰিব।
লগতে পঢ়ক :CM Himanta Biswa Sarma Birthday: আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬সংখ্যক ওপজা দিন