ৰাজ্যত পুনৰ নাহৰফুটুকীৰ হত্যা

নিউজ ডেস্ক, ১১ মাৰ্চ : কিছুদিন পুৰ্বেই এটা নাহৰফুটুকী হত্যাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছিল, আৰু সেই একেটি ঘটনাৰে পুনৰাবৃত্তি। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডিগবৈ নাজিৰাটিঙত পুনৰ প্ৰকাণ্ড নাহৰফুটুকীৰ হত্যা। নাজিৰাটিঙ চাহ বাগিছাত মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰে স্থানীয় ৰাইজে। মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়ে। কোনো দুৰ্বৃত্তই বাঘটোৰ ডিঙি কাটি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে বন বিভাগৰ লোকে।

উল্লেখযোগ্য যে, বিগত কিছুদিন পূৰ্বে ৰহস্যজনক ভাৱে মৃত্যু হোৱা দুটা প্ৰকাণ্ড নাহৰফুটুকীৰ নাজিৰাটিঙৰ ওচৰৰ শ্ৰী কৃষ্ণ চাহ বাগিছাৰ নলাত উদ্ধাৰ হৈছিল। ডুমডুমা বন সংমণ্ডল অন্তগৰ্ত নাজিৰাটিং বনাঞ্চলত অবাধ বন ধ্বংস হোৱাত খাদ্যৰ সন্ধানত এনেদৰে ওলাই আহিছিল বাঘ কেইটাই।