ৰাজ্যত পুনৰ অপহৰণৰ ঘটনা,খেলি থকাৰ সময়ত অপহৰণৰ দুই শিশুক…
ডিজিটেল ডেস্কঃ-ৰাজ্যত পুনৰ চাঞ্চল্যকৰ অপহৰণৰ ঘটনা৷এইবাৰ মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ শিশু অপহৰণৰ ঘটনা। মহানগৰীৰ তেতেলিয়াত সংঘটিত হৈছে অপহৰাণৰ ঘটনা।৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটি শিশুৱে খেলি থকাৰ সময়তে দুৰ্বৃত্তই লৈ যায় ।এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।অপহৃত দুই শিশু হৈছে বিবেক কুমাৰ (৯) আৰু অজিত কুমাৰ (৪)।বিহাৰৰ দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ৷জানিব পৰা মতে, ৪চকীয়া বাহনেৰে আহিছিল দুৰ্বৃত্তৰ দলটো৷ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ গোশালা আৰক্ষীৰ।
দুটিকৈ শিশু অপহৰণ কৰি লৈ গৈছে দুৰ্বৃত্তই। ইয়াকে লৈ পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ।