Jaishankar on Canada Claims Over Nijjar Killing :হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত চৰকাৰৰ “এজেণ্ট” জড়িত থকাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ছেপ্টেম্বৰ : অব্যাহত আছে বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰ হত্যাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷ কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰ গুলীচালনাত নিহত হৈছিল ৷ কানাডা খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰ্দীপ সিং নিজ্জাৰৰ হত্য়াৰ লগত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল(Khalistan supporters protest over Nijjar) । তাৰ পিছতে ভাৰত আৰু কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্ক অৱনমিত হৈ পৰিছে(Jaishankar on Canada Claims Over Nijjar Killing) ।
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে হৰদীপ সিং নিজ্জাৰক হত্যাৰ আঁৰত ভাৰত চৰকাৰ জড়িত থকা বুলি অভিযোগ উত্থাপন কৰাৰ মাজতে ভেংকুৱাৰত থকা ভাৰতীয় দূতাবাসৰ বাহিৰত খালিস্তানী সমৰ্থকে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে(Khalistan supporters hold protest outside Indian Consulate in Vancouver ) ।
ভাৰতীয় দূতাবাসৰ সম্মুখত প্ৰতিবাদকাৰীয়ে খালিস্তানী পতাকা উত্তোলন, সংগীত বজোৱাৰ লগতে শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । ।
কানাডা আৰু ভাৰতৰ মাজত চলি থকা এই সংঘাতৰ মাজতে কানাডাই ভাৰতৰ এজেণ্ট জড়িত থকা বুলি তোলা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে(Jaishankar on Canada’s allegations) ৷
সেই সম্বন্ধত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অট’ৱাক এই কথা অৱগত কৰাইছে যে এয়া ভাৰত চৰকাৰৰ নীতি বিৰুদ্ধে আৰু তাৰ বাবে নিৰ্দিষ্ট আৰু প্ৰাসংগিক তথ্য উপলব্ধ ।
মঙলবাৰে নিউয়ৰ্কৰ কাউন্সিল অন ফৰেইন ৰিলেচনছ (CFR)ত হোৱা এক বাৰ্তালাপত জয়শংকৰে কানাডাৰ অভিযোগ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত এই প্ৰত্যুত্তৰ দিয়ে । এছ জয়শংকৰে কয়, “হয়, মোৰ এটা মন্তব্য আছেই । আমি কানাডিয়ানসকলক কোৱা কথাখিনি মই আপোনালোকৰ লগত অতি স্পষ্টভাৱে শ্বেয়াৰ কৰিম ৷ আমি কানাডিয়ানসকলক কৈছিলো যে এয়া ভাৰত চৰকাৰৰ নীতি নহয় । দ্বিতীয়তে, আমি কানাডিয়ানসকলক যদি আপোনালোকৰ কিবা নিৰ্দিষ্ট তথ্য আছে, যদি এই কথাৰ কিবা প্ৰাসংগিকতা আছে আপোনালোকৰ হাতত, তেন্তে আমাক জনাওক । আমি ইয়াক মুকলিকৈ চাবলৈ বিচাৰো(Jaishankar reacts to claims of shared intel on Nijjar killing) ।”
উল্লেখ্য যে, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ১৮ ছেপ্টেম্বৰৰ দিনা বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰ হত্যাৰ সৈতে ভাৰত চৰকাৰৰ “এজেণ্ট” জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ তেতিয়াৰে পৰাই দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটা পৰিলক্ষিত হৈছিল ৷ ভাৰতৰ বিৰুদ্ধে তোলা এনে গুৰুতৰ অভিযোগৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই উদ্বিগ্নতা প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল ৷