Local, Vocal, Global

Khair tree smuggling : ধেমাজি চিমেণ্ট চাপৰিত অবৈধ খয়েৰ গছৰ কাঠ জব্দ

ধেমাজি,৩০জানুৱাৰী : ধেমাজি চিমেণ্ট চাপৰিত বৃহৎ পৰিমাণৰ অবৈধ খয়েৰ গছৰ কাঠ জব্দ।

ধেমাজি আৰক্ষী আৰু ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থা ,ডিমৌ বন কৰ্মী আৰু ধেমাজি সংমণ্ডল বনৰক্ষী বাহিনীৰ যৌথ অভিযানত জব্দ কৰে অবৈধ খয়েৰ গছৰ কাঠখিনি ।

জানিব পৰা মতে,পুৱতি নিশা প্ৰায় ৩ মান বজাত চিমেন চাপৰিৰ চমকং মাজৰবাৰি অসমীয়া গাঁৱত বাহনি বাৰিত বৃহৎ সংখ্যক অবৈধ জমা কৰা দুষ্প্রাপ্য খয়েৰ কাঠ জব্দ কৰিবলৈ কৰিবলৈ সক্ষম হয় বন বিভাগ আৰু আৰক্ষীয়ে(Khair tree smuggling)।

ঘটনা সন্দৰ্ভত বাতৰি লিখা লোকে এই ঘটনাৰ লগত কোন জৰিত হৈ আছে জানিব পৰা হোৱা নাই। কোনে কি কাৰণ কাঠখিনি লুকুৱাই ৰাখিছিল জানিব পৰা হোৱা নাই যদিও পিছৰ পৰ্যায়ত আৰক্ষীৰ তদন্ত জানিব পৰা যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় বন বিষয়াই।

লগতে পঢ়ক :Poor conditions of roads:জোনাইত পকী পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী