WATCH | Keshab Mahanta : কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ অভিনন্দন অনুষ্ঠান
কলিয়াবৰ,১৪জুন : কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ অভিনন্দন অনুষ্ঠান। উচ্চ মাধ্যমিক শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ সফলতাৰে উত্তীৰ্ণ হোৱা কলিয়াবৰৰ ৯৮৯ গৰাকী কৃৰ্তীমান ছাত্ৰ ছাত্ৰীক আজি অভিনন্দন জ্ঞাপন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই(Keshab Mahanta)।
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিজৰ ভাষণত কয় যে, ছাত্ৰ -ছাত্ৰী সকলক অনুপ্ৰানিত তথা উৎসাহিত কৰিব লাগে। একে দৰে ছাত্ৰ ছাত্ৰী সকলক অনুসন্ধিৎসু মনৰ গৰাকী কৰিব পৰাকৈ শিক্ষক সকলে সহযোগ কৰিব লাগে। কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা সময়ৰে পৰা বিধায়ক গৰাকীয়ে প্ৰতি বছৰে এনেদৰে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি আহিছে।
আজিৰ এই অভিনন্দন অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলক মানপত্ৰ আৰু একোটাকৈ কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱাৰ লগতে ১০০ শতাংশ ছাত্ৰ ছাত্ৰী উৰ্ত্তীণ হোৱা বিদ্যালয় সমূহলৈ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ পৰা ২ লাখ টকাৰ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হয়।
লগতে পঢ়ক : WATCH | Lightning strike : ধিং বজাৰৰ মাজ মজিয়াত বজ্রপাত পৰি আঘাতপ্ৰাপ্ত শিশুসহ এগৰাকী মহিলা