Local, Vocal, Global

Kerala Wayanad Landslide : কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন;মৃতকৰ সংখ্যা ৩৪০ গৰাকীলৈ বৃদ্ধি

নিউজ ডেস্ক,৩আগষ্ট : কেৰালাৰ ৱায়নাডত অবর্ণনীয় পৰিৱেশ । বৰ্তমানে অব্যাহত আছে উদ্ধাৰ অভিযান । কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ৩৪০জনলৈ বৃদ্ধি পাইছে ৷ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২০০ জন ৷ইফালে ১৮৭গৰাকী লোক আঘাতপ্ৰাপ্ত হৈ হাস্পতালত ভৰ্তি হৈ আছে(Kerala Wayanad Landslide)।

ভাৰতীয় সেনা, বায়ু সেনাৰ লগতে এন ডি আৰ এফে দিনে-ৰাতিয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সেনাৰ উদ্ধাৰকাৰ্যত নেতৃত্ব দিয়া কৰ্ণেল বিকাশ ৰাণাই কয় যে, আমি সম্ভৱপৰ সকলো উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। আমি আশাবাদী যে বহু লোকক আমি জীৱন্তে উদ্ধাৰ কৰিব পাৰিম।

লগতে পঢ়ক : Kerala Wayanad Landslide : কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলন;মৃতকৰ সংখ্যা ১৫০ গৰাকীলৈ বৃদ্ধি