Kerala Multiple Blasts At Convention Centre In Ernakulam : ভয়ংকৰ বিস্ফোৰণ , মৃত্যু এজনৰ, আহত ৩৬ জনৰো অধিক
নেশ্যনেল ডেস্ক, ২৯অক্টোবৰ : ভয়ংকৰ বোমা বিস্ফোৰণ । মৃত্যু এজনৰ, আহত ৩৬ জনৰো অধিক । কেৰালাৰ এৰ্নাকুলমত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা(Kerala Multiple Blasts At Convention Centre In Ernakulam) ।
জানিব পৰা মতে, দেওবাৰে পুৱা কালামাচেৰীৰ এক সন্মিলন কেন্দ্ৰত বিস্ফোৰণটো সংঘটিত হয় । বিস্ফোৰণটোত কেইবাজনো লোক আহত হয় । বিস্ফোৰণৰ সময়ত কেন্দ্ৰটোত এক সন্মিলন চলি আছিল ।
উল্লেখ্য যে, কালামাচেৰীৰ এই সন্মিলনখনত প্ৰায় ২,৩০০ গৰাকী লোকে পঞ্জীয়ন কৰিছিল । সন্মিলনৰ কাৰ্যসূচীটো ৩ দিন পূৰ্বে আৰম্ভ হৈছিল আৰু দেওবাৰে সন্ধিয়াৰ ভিতৰত সমাপ্ত হোৱাৰ কথা আছিল(One killed, over 36 injured in blast at convention centre in Kochi) ।
আৰক্ষীয়ে জনোৱা অনুসৰি , এই ভয়ংকৰ ঘটনাৰ খবৰ তেওঁলোকৰ পুৱা প্ৰায় ৯ মান বজাত পাইছিল । ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীলৈ ৰাওনা হয় আৰক্ষী । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত লোকসকলক তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাই আৰু প্ৰভাৱিত স্থানৰ পৰা লোকসকলক স্থানান্তৰ কৰে(36 injured, one dead in blast in convention centre in Kerala) ।
এক সূত্ৰৰ অনুসৰি, সন্মিলন কেন্দ্ৰৰ ভিতৰত একাধিক স্থানত জুই লাগিছিল । কেন্দ্ৰটোত জুই বিয়পি পৰাৰ লগে লগে অনুষ্ঠানৰ অতিথিসকল আতংকিত হৈ পৰে ।অৱশ্যে এই সন্মিলনৰ বাবে পঞ্জীয়ন কৰা ২,৩০০ গৰাকী লোকৰ ভিতৰত কিমানজন উপস্থিত আছিল সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই(Two explosions heard at convention centre, rescue operation on ) ।
এই বিস্ফোৰণৰ পিছত কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে স্বাস্থ্য বিভাগৰ সঞ্চালক আৰু চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালকক কালামাচেৰী বিস্ফোৰণত আহতসকলক সৰ্বশ্ৰেষ্ঠ চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
লগতে মন্ত্ৰীগৰাকীয়ে ছুটিত থকা চিকিৎসকসহ সকলো স্বাস্থ্য কৰ্মীক উভতি আহিবলৈ নিৰ্দেশ প্ৰদান কৰে । কালামাচেৰী চিকিৎসা মহাবিদ্যালয়, এৰ্নাকুলাম জেনেৰেল হস্পিটেল আৰু কোট্টায়াম চিকিৎসা মহাবিদ্যালয়ত অতিৰিক্ত সুবিধা সৃষ্টি কৰাৰ বাবেও নিৰ্দেশনা দিয়ে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :Gallery Collapse In Film Theatre : থিয়েটাৰ চাই থাকোতেই ভাঙি পৰিল গেলেৰী