Local, Vocal, Global

WATCH | Kedarnath Helicopter Crash: পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা

নিউজ ডেস্ক,১৫জুন : পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ কেদাৰনাথ ধামত বিমান দুৰ্ঘটনা। দেওবাৰে পুৱা ৫:২০ বজাত গৌৰীকুণ্ডৰ বনাঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথলৈ যোৱা এখন হেলিকপ্টাৰ । দুৰ্ঘটনাত পাইলটসহ মুঠ ৭জন লোকৰ মৃত্যু হয়(Kedarnath Helicopter Crash)।

প্ৰতিকূল বতৰৰ বাবেই হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাৰ তথ্য দি উত্তৰাখণ্ডৰ এডিজি ল’ এণ্ড অৰ্ডাৰ ডাঃ ভি মুৰুগেশ্বনে কয় যে দেৰাডুনৰ পৰা কেদাৰনাথলৈ যোৱা হেলিকপ্টাৰখন গৌৰীকুণ্ডত নিৰুদ্দেশ হৈছে। এই সন্দৰ্ভত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰুদ্ৰপ্ৰয়াগত হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ অতি দুখজনক খবৰ পোৱা গৈছে। এছডিআৰএফ, স্থানীয় প্ৰশাসন আৰু অন্যান্য উদ্ধাৰকাৰী দলসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

লগতে পঢ়ক :WATCH | Heated situation : চতুৰ্থ দিনাও পৰ্বতঝোৰাৰ বাসবাৰীত আদানিক মাটি দিয়াক লৈ উত্তপ্ত পৰিস্থিতি