Local, Vocal, Global

Kedarnath Gaurikund Accident: কেদাৰনাথৰ গৌৰীকুণ্ডত পাহাৰৰ পৰা শিল খহি মৃত্যু তীৰ্থযাত্ৰীৰ

নিউজ ডেস্ক,২১জুলাই : কেদাৰনাথৰ গৌৰীকুণ্ডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।পাহাৰৰ পৰা শিল খহি পৰি মৃত্যু তীৰ্থযাত্ৰীৰ(Kedarnath Gaurikund Accident) ।

দেওবাৰে পুৱা প্ৰায় ৭.৩০মান বজাত কেদাৰনাথৰ গৌৰীকুণ্ডত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো।

জানিব পৰা মতে, চিৰৱাছাৰ পাহাৰৰ পৰা শিল খহি পৰি মৃত্যু ৩জনকৈ তীৰ্থযাত্ৰীৰ । গুৰুতৰভাৱে আহত আন ৮জন তীৰ্থযাত্ৰীৰ(3 killed, several injured in landslide in Rudraprayag district)।

এই শোকৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।বৰ্তমানেও উদ্ধাৰকাৰী দলে উদ্ধাৰ অব্যাহত ৰাখিছে ।অভিযানকাৰী দলে ধ্বংসাৱশেষৰ তলত তীৰ্থযাত্ৰী আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

লগতে পঢ়ক : Massive fire breaks out in Dhekiajuli : ঢেকীয়াজুলিৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ভস্মীভূত নথি পত্ৰ, কম্পিউটাৰ