Kaziranga National Park to reopen for tourists on October 1 : ১ অক্টোবৰ পৰা মুকলি হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
নিউজ ডেস্ক,২৯ ছেপ্টেম্বৰ: ১ অক্টোবৰ পৰা মুকলি হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।
ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বাট-পথ মেৰামতি কৰাৰ লগতে উদ্যানত পৰ্যটক ফুৰাবলগীয়া জীপ চালকসকলকো প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে জনোৱা অনুসৰি, অহা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । ১ অক্টোবৰত উদ্যানৰ কাজিৰঙা বনাঞ্চল, বাগৰি বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ কিছু অংশহে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব ।
সেই মতে, কাজিৰঙা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈছামাৰীলৈকে পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব । বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙালৈকে জীপ ছাফাৰীৰ অনুমতি লাভৰ বিপৰীতে বুঢ়াপাহাৰ বনাঞ্চলত ডিফলু নদীলৈকে পৰ্যটকে ছাফাৰী কৰিব পাৰিব(Assam’s Kaziranga National Park Set To Open For Tourists From October 1)৷
সঞ্চালক ড৹ ঘোষে লগতে জনাই যে , চলিত বৰ্ষৰ বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগ পৰিষ্কাৰ কৰাত অত্যন্ত সুন্দৰ হৈ পৰিছে । কিন্তু, বাৰিষাত উদ্যানৰ বাট-পথৰ কিছু কিছু অংশ মেৰামতি কৰিবলগীয়া হোৱাত সম্প্ৰতি আংশিকভাৱেহে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে ।
এই পৰ্যটন বৰ্ষত কাজিৰঙাত পৰ্যটকে পূৰ্বৰ তুলানতকৈ কাৰ্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পাণবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্ৰেকিং পথৰ বিশেষ সুবিধাৰ উপৰিও জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত কাৰ্বি জনগোষ্ঠীৰ খাদ্য চোৰাণ-আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্ৰ, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-নাচ’, পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে । ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত শিহু দৰ্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পাণপুৰ আৰু বুঢ়াচাপৰিত জীপ আৰু চাইকেল চাফাৰীও বিগত পৰ্যটন বৰ্ষতে আৰম্ভ কৰা হৈছিল(Kaziranga National Park to reopen for tourists on October 1)।
লগতে পঢ়ক : Assam CM Himanta Biswa Sarma big Announcement : দুৰ্গা পূজাৰ প্ৰাকক্ষণত অসম চৰকাৰৰ বিশেষ ঘোষণা