Local, Vocal, Global

Kaziranga National Park records 3.27 lakhs tourist in FY 2023-24 : পূৰ্বৰ তুলনাত চলিত বিত্তীয় বৰ্ষত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত

নিউজ ডেস্ক,৪ মাৰ্চ : পূৰ্বৰ তুলনাত চলিত বিত্তীয় বৰ্ষত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ এইবছৰত কাজিৰঙাত দৰ্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ। এবছৰত সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰিছে কাজিৰঙাত(Kaziranga National Park records 3.27 lakhs tourist in FY 2023-24) ।

২০২৩-২৪ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৩,২৭,৪৯৩ পৰ্যটকৰ আগমন। ইয়াৰে ৩,১৩,৫৭৪ গৰাকী আছিল ভাৰতীয় পৰ্যটক। বিপৰীতে ১৩,৯১৯ গৰাকী আছিল বিদেশী পৰ্যটক। এবছৰতে সংগ্ৰহ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ।

বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷ যাৰ পটভূমিত পূৰ্বৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২,৬৯৭ জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পূৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয়(Kaziranga National Park records 3.27 lakhs tourists in FY 2023-24) ৷

লগতে পঢ়ক : PM Narendra Modi will visit assam : ১৭ এপ্ৰিলত নলবাৰীত প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে