ৰোহিত শৰ্মাৰ এটা ৬ৰ বাবদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পাব ৫লাখ টকা

নিউজ ডেস্ক, ৭ মে’-শুকুৰবাৰে IPL ২০২২ৰ, ৫১ নং খেল “মুম্বাই ইণ্ডিয়ানছ” আৰু “গুজৰাট টাইটানছ” ৰ মাজত অনুষ্ঠিত হয় । এই মেছত “গুজৰাট টাইটানছে” টচ ত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰিবলৈ সিদ্ধান্ত লয় আৰু প্ৰথমে বেট ধৰি “মুম্বাই ইণ্ডিয়ানছে” সুন্দৰ খেল দেখুৱাবলৈ সক্ষম হয়। বিশেষকৈ কেপ্টেইন “ৰোহিত শৰ্মা” যদিও গোটেই চিৰিজটোত ভাল পদৰ্শন কৰিব পৰা নাছিল, কিন্তু কালি প্ৰথম ব’লৰ পৰাই ভাল খেল দেখুৱাবলৈ সক্ষম হয়।
খেল খনৰ ২নং অভাৰত “ৰোহিত শৰ্মাই” “যোচিফ আলজাৰিৰ” একে অভাৰতে দটা “৪” আৰু এটা “৬” মাৰিবলৈ সক্ষম হয়। কিন্তু “ৰোহিত শৰ্মাৰ” সেই ৬টো গৈ পৰে “টাটা” কোম্পেনীয়ে স্পনচাৰ কৰা সেই বিশেষ গাড়ী খনত ।
উল্লেখযোগ্য যে “টাটা” কোম্পেনীয়ে শেহতীয়াকৈ টাটাৰ গাড়ী সমূহৰ “কাজিৰঙা এডিচন” মুকলি কৰিছে আৰু “টাটা” কোম্পানীৰ চৰ্ত আছিল যে lPL ৰ প্ৰত্যেক খন খেলতে খেলুৱৈ সকলে মাৰা ৬ যদি গাড়ীত লাগে তেতিয়াই “টাটা গ্ৰুপৰ” ফালৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক দিয়া হব ৫লাখ টকা । ঠিক তেনেদৰে ৰোহিত শৰ্মাৰ ৬ৰ বাবদ কাজিৰঙাই পাব ৫লাখ টকা।