Local, Vocal, Global

Kaziranga National Park Flooded: বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান;বানত প্লাৱিত ৯৫টা বন শিবিৰ এলেকা

নিউজ ডেস্ক,২জুলাই : বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্য বানে লৈছে ভয়ংকৰ ৰূপ।বানৰ ফলত ৰাজ্যৰ ১৪ খন জিলা প্লাৱিত হৈছে।

বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ক্ৰমে জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ২২৩ টা বন শিৱিৰৰ ভিতৰত বানত প্লাৱিত হৈছে ৯৫টা বন শিবিৰ এলেকা(95 Forest Camps Inundated, Wildlife at Risk) ৷

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ২০টা আৰু পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত অগৰাতলি বনাঞ্চলত ৩৪টা, কহঁৰা বনাঞ্চলত ২০টা, বাগৰি বনাঞ্চলত ১০টা, বোকাখাত বনাঞ্চলত ৬টা বনশিবিৰ এলেকা প্লাৱিত কৰিছে বানে। বৰ্তমানলৈকে স্থানান্তৰ কৰা হৈছে ৬টা বন শিবিৰ ৷

বানৰ ফলত একাংশ বন্যপ্ৰাণীয়ে হাইলেণ্ডত আশ্ৰয় লোৱাৰ সমান্তৰালকৈ একাংশ বন্যপ্ৰাণী কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে ৷ এনে সময়ত স্থানীয় স্বেচ্ছাসেৱীৰ লগতে আৰক্ষী আৰু পৰিবহণ বিভাগৰ সহযোগত বন্যজন্তুৰ নিৰাপত্তা বাবে প্ৰদক্ষেপ গ্ৰহন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰা হৈছে গধুৰ বাহনৰ চলাচল। ৩০ কিঃমিঃ বেগত পাৰ হ’ব পাৰিব ব্যক্তিগত বাহন, বাছ। কেইবাখনো বাহন একগোট কৰি পাৰ কৰিব কৰ্তৃপক্ষই। একাংশ বন্যজন্তুৱে আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। আনহাতে, বানৰ প্ৰকোপ বৃদ্ধি পোৱাত উদ্যানৰ অন্তৰ্ভাগৰ পৰা উলিয়াই অনা হৈছে বিভাগীয় হাতীসমূহ(Kaziranga National Park Flooded)।

লগতে পঢ়ক : Flood situation worsens in Bokakhat : বোকাখাতত বানৰ সংহাৰী ৰূপ;বানৰ মাজত আবদ্ধ ৩গৰাকীকৈ প্ৰসূতি