Local, Vocal, Global

Kati bihu : শিৱসাগৰত বিহুৰ দিনাও কৃষকৰ বিননি; কাতি বিহুত পথাৰত নজ্বলে চাকি

নাজিৰা, ১৮অক্টোবৰ : আজি কাতি বিহু ৷ কাতি বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম (Kati bihu 2023)৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় (Kati bihu celebrated in Assam) ৷ এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।

পূৰ্বৰে পৰা চলি অহা লোকাচাৰ অনুসৰি কাতি বিহুৰ দিনা পুৱাই সকলোৱে ঘৰ-বাৰী পৰিস্কাৰ কৰে আৰু গৃহিনীয়ে ঘৰৰ সন্মুখত তুলসী ভেটি তৈয়াৰ কৰি চাকি জ্বলাই নাম প্ৰসংগ কৰে ৷

প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজ্যবাসীয়ে উদযাপন কৰিছে কাতি বিহু ৷ কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে যদিও বিহু বুলি পিঠা-পনা বনাই, জলপানেৰে ঘৰলৈ অহা অতিথিক আপ্যায়ন কৰে ।

কিন্তু ইয়াৰ মাজতে শিৱসাগৰত বিহু নহয় যেন বৰবিহহে । এইবাৰ শিৱসাগৰৰ বকতাত বিহুত পথাৰত নজ্বলে চাকি ।

শিৱসাগৰত বিহুৰ দিনাও কৃষকৰ বিননি । কাতি বিহুত পথাৰত নজ্বলে চাকি। ঐতিহ্যমণ্ডিত নাঙলধোৱা পথাৰৰ বিননী। মূৰে কপালে হাত দিছে কৃষকে । শিৱসাগৰৰ বকতাত খেতিপথাৰত চৰহা পোকৰ সংক্ৰমণ, কৃষক বিমোৰত৷ কাতি বিহুত পথাৰত নজ্বলে চাকি ৷

উল্লেখ্য যে, শিৱসাগৰৰ বকতা ঐতিহাসিক নাঙলধোৱা পথাৰত জুই লগালে এইবাৰ । আহোম ৰাজত্বকালৰ ঐতিহ্যমণ্ডিত নাঙলধোৱা পথাৰত চৰহা পোকৰ ব্যাপক সংক্ৰমণে অঞ্চলটোৰ ডিমৰুগুৰি, ফৰবন্ধীয়া,বৰদেউধাই, সন্দিকৈকে ধৰি কেইবাখনো গাঁৱৰ কৃষক ৰাইজৰ খেতিপথাৰৰ শালিধান নষ্ট কৰিলে।

কৃষক ৰাইজে কপালৰ কেঁচা ঘাম মাটিত পেলাই ৰোপন কৰা শ শ বিঘা মাটিৰ লহপহীয়া শস্য চৰহা পোকৰ সংক্ৰমণৰ বাবে শুকান খেৰত পৰিণত হোৱাত ৰাইজে মূৰে-কপালে হাত দিছে।

আহিনৰ শেষত কাতি বিহুৰ আগমণত কৃষক ৰাইজ উৎফুল্লিত হোৱাৰ বিপৰীতে উক্ত গাঁওবাসীয়ে জুইলগা আপোন পথাৰখনলৈ চাই বিষাদৰ হুমুনিয়াহ কাঢ়িছে। বিশেষভাৱে খেতি অনিষ্টকাৰী চৰহাপোক নিবাৰণৰ বাবে ক্ষতিগ্ৰস্ত ৰাইজে চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ পৰা কোনো সহায় নোপোৱা অভিযোগটোৱে কৃষি বিভাগৰ চৰম ব্যৰ্থতা উদঙাই ধৰিছে। অঞ্চলটোৰ কৃষক ৰাইজে এতিয়া জীয়াই থকাৰ অনিশ্চয়তাত ভুগি কিংকৰ্তব্যবিমূৰ হৈ পৰিছে।

লগতে পঢ়ক :BJP Releases Second List of Nine Candidates : মিজোৰাম বিধানসভা নিৰ্বাচনৰ ৯ জনীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ