Local, Vocal, Global

Kati Bihu 2023: আজি কাতি বিহু; কাতি বিহুৰ হিয়াভৰা ওলগ জনালোঁ

আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ ভিতৰত অন্যতম হ’ল কাতি বিহু(Kati Bihu) । আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় এই বিহু । কাতি বিহুক লৈ আজি ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া । কঙালে গ্ৰাস কৰা এই সময়ছোৱাতে ধৰিত্ৰীৰ বুকু শস্য-শ্যামলা হোৱাৰ কামনাৰে কৃষিজীৱী জনজীৱনে অতীজৰে পৰা পালন কৰি আহিছে এই কঙালী বিহু। আজি ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু। বন্তি জ্বলাই কাতি বিহুৰ সন্ধিয়া পোহৰাই তুলিব আগ চোতালৰ তুলসীৰ তল, শালিধানৰ পথাৰ।

প্ৰাচীন কালৰে পৰা আহিন মাহৰ শেষৰ দিনটো অসমীয়া সমাজে আলোকৰ উৎসৱ হিচাপে পালন কৰি আহিছে কাতি বিহু। অভাৱ অনাটনৰ মাজত জুৰুলা হৈ পৰা কৃষি জীৱি অসমীয়া সমাজৰ বাবে কাতি বিহু মানেই আনন্দৰ দিন। আজি ন লখিমিক সন্মুখত ৰাখি তুলসীৰ তলত বন্তি জ্বলাই ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু। তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ।

তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰাৰ লগতে কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিব। আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি ৷কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ–দুৱাৰ, আলি–পদূলি আদি পৰিষ্কাৰ–পৰিচ্ছন্ন কৰিব আজি।

বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো প্ৰতিজন অসমীয়াই চোতালত তুলসী পুলি ৰুই চাকি-বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত জনাব প্রার্থনা। তুলসী পুলি ৰুই চাকি-বন্তি জ্বলোৱাৰ পৰা পিঠা-পনা বনোৱালৈকে ৰাজ্যৰ চৌদিশে এক ব্যস্তত্বপূৰ্ণ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য় যে, কাতি বিহুৰ দিনা সেউজীয়া ধাননি ডৰাত চাকি জ্বলাই শস্যৰ বৃদ্ধিৰ বাবে লক্ষ্মী দেৱীক প্ৰাৰ্থনা জনায়। ভোগ বিলাস অবিহনে প্ৰতিজন অসমীয়াই পালন কৰিব কঙালী বিহু। অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত পালন কৰি আহিছে এই বিহু।কাতি বিহুৰ সময়তে সৰহ সংখ্যক খেতিয়কৰ ভঁৰাল উদং হয়। কাতি বিহুৰ সময়তে অভাৱ–অনাটনে কৃষক ৰাইজক আৱৰি ৰাখে। তথাপিও কঙালীৰ মাজতো পৌৰাণিক কালৰে পৰা কৃষিজীৱী সাধাৰণ ৰাইজে শস্যৰ মংগলৰ অৰ্থে ভগৱানক প্ৰাৰ্থনা কৰিব।

অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী আমাৰ আপোনা, কঙালী আমাৰ বাপতিসাহোন।