Local, Vocal, Global

Karni Sena Chief Murder : ৩০ ঘণ্টা ওকলিল ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ ঘটনাৰ

নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ : ৩০ ঘণ্টা ওকলিল ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ ঘটনাই । ৩০ ঘণ্টা ওকলি যোৱাৰ পিছত গোচৰ ৰুজু গোগামেড়ীৰ পত্নীৰ(Sukhdev Singh Gogamedi Murder case FIR Registered) । ঘটনা সন্দৰ্ভত পত্নী শীলা শ্বেখাৱতে শ্যামনগৰ আৰক্ষী থানাত ৰুজু কৰে গোচৰ আৰু পত্নীয়ে দাখিল কৰা এফআইআৰত বিদায়ী মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ডিজিপিৰ নাম উল্লেখ কৰে । ইয়াৰ পাচতেই বুধবাৰে নিশা প্ৰতিবাদস্থলীত উপস্থিত হৈ শীলা শ্বেখাৱতে প্ৰতিবাদৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে । লগতে শ্যাম নগৰ থানাৰ বিষয়া মনীষ গুপ্তা আৰু এজন বিট কনিষ্টবলৰ নিলম্বন কৰাৰ তথ্য সদৰী কৰে(Karni Sena Chief Murder) ।

সুখদেৱ সিং গোগামেড়ীক মঙলবাৰে হত্যা কৰাৰ পিছতে তেওঁ মৃতদেহ ৰখা মানসৰোবৰত অৱস্থিত মেট্ৰ’ গণ চিকিৎসালয়ত বাহিৰত বহু সংখ্যক লোক একত্ৰিত হৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । হত্যাকাণ্ডৰ পিছত ৰাজ্যজুৰি ৰাজপুত জনগোষ্ঠীৰ হৈ বিক্ষোভ প্ৰদৰ্শন কৰা হয় । ক্ষোভ প্ৰকাশৰ বাবে বুধবাৰে ৰাজস্থান বন্ধ ঘোষণা কৰা হয়(Rajasthan bandh called over Karni Sena chief’s murder) । বহু ঠাইত হিংসাত্মক ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হয় ।ইফালে, প্ৰশাসনৰ সৈতে ধাৰাবাহিক আলোচনাৰ অন্তত বুধবাৰে নিশা পৰিয়ালৰ সদস্য আৰু প্ৰশাসনৰ মাজত এক চুক্তিত উপনীত হয় । সহমতত উপনীত হোৱাৰ পিচত গোগামেড়ীৰ পত্নী শীলা শ্বেখাৱতে এই ধৰ্মঘটৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিধায়ক মনোজ ন্যাংগালীয়ে গোগামেড়ীৰ হত্যাৰ তদন্ত NIA ৰ দ্বাৰা কৰাবলৈ সহমতত উপনীত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ ইফালে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজপুত সমাজে ৭২ ঘণ্টাৰ চৰমসীমা প্ৰদান কৰিছে । মহিপাল সিং মকৰানা, কৰ্ণী সেনাৰ বিষয়া আৰু আৰক্ষীৰ মাজত হোৱা আলোচনাত সকলো দাবীৰ ওপৰত সহমত হোৱা বুলি ঘোষণা কৰে গোগামেড়ীৰ পত্নী শীলা শ্বেখাৱতে । ইফালে এছ এম এছ হাস্পতালত গোগামেড়ীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় । জানিব পৰা মতে, আজি অৰ্থাৎ বৃহস্পতিবাৰে তেওঁৰ জন্ম গাঁও গোগামেড়ীত শেষকৃত্য সম্পন্ন কৰা হ’ব । অন্তিম দৰ্শনৰ বাবে আজি ​​গোগামেড়ীত তেওঁ পাৰ্থিৱ দেহ ৰখা হ’ব (Two Jaipur Cops Suspended, Probe Underway)।

উল্লেখ্য যে,মঙলবাৰে শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীলৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল । মঙলবাৰে নিশা প্ৰায় ১:৪৫ বজাত গোগামেড়ী নিজ বাসগৃহৰ বাহিৰত থকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো ।জানিব পৰা মতে, স্কুটাৰত অহা দুজন ব্যক্তিয়ে আক্ৰমণ কৰে সেনাৰ অধ্যক্ষজনক।দুৰ্বৃত্তই গুলীচালনা কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।গুলীবৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সেনাৰ অধ্যক্ষ সুখদেৱ সিং । আঘাত প্ৰাপ্ত সেনাৰ অধ্যক্ষ লৈ ততাতৈয়াকৈ গোগামেড়ীক মেট্ৰ’ মাস্ক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অধ্যক্ষগৰাকীয়ে মৃত্যুক সাৱতি লয়(Rashtriya Rajput Karni Sena President Sukhdev Singh Gogamedi Shot Dead) ৷

লগতে পঢ়ক : Rashtriya Rajput Karni Sena President Sukhdev Singh Gogamedi Shot Dead : শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা